নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি পৌৰসভাৰ দ্বাৰা ব্যৱসায়ীক ডাষ্টবিন বিতৰণ

নিয়মীয়া বাৰ্তা, ১৬ মে’: মৰিয়নি পৌৰসভাৰ নতুন সমিতিয়ে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পিছতে কেতবোৰ কাৰ্য্যসূচী হাতত লৈছে । তাৰেই এক অংশস্বৰূপে আজি মৰিয়নি নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত একোটাকৈ ডাষ্টবিন বিতৰণ কৰে । আজি প্ৰতিকুল বতৰ স্বত্বেও ৭০ টা ডাষ্টবিন বিতৰণ কৰে । আজি দোকানে দোকানে এই ডাষ্টবিন সমূহ বিতৰণ কৰে মৰিয়নি পৌৰসভাৰ সদস্যসকলে । এই কাৰ্য্যসূচীত মৰিয়নি পৌৰসভাত পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, ২ নং ৱাৰ্ডৰ পৌৰসদস্য শংকৰ চক্ৰৱৰ্তী, ৩ নং ৱাৰ্ডৰ পৌৰসদস্য কাজল ভট্টাচাৰ্য্য, ১০ নং ৱাৰ্ডৰ পৌৰসদস্য বিজন মজুমদাৰ, মৰিয়নি পৌৰসভাৰ মৃদুল শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি ডাষ্টবিন সমূহ বিতৰণ কৰে । পৰৱৰ্তী সময়ত আন দোকান সমূহতো এই ডাষ্টবিন বিতৰণ কৰা হ’ব ।

আনহাতে, মৰিয়নি নগৰৰ সৰু বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক ডাষ্টবিন প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি মৰিয়নি পৌৰসভাৰ সদস্যসকলে এই ক্ষেত্ৰত সকলো ব্যৱসায়ীৰে সহযোগিতা কামনা কৰে । মৰিয়নি নগৰখনক পৰিষ্কাৰ নগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মৰিয়নি নগৰৰ ব্যৱসায়ীসকলক সহযোগিতা আগবঢ়াবলৈ মৰিয়নি পৌৰসভাই আহ্বান জনাইছে ।

You might also like