নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চম দিনাও ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩ লাখৰ অধিক

একেৰাহে পঞ্চম দিনাও ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৩ লাখৰ ওপৰত আছে। যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা অৱশ্যে কালিৰ তুলনাত ৮ শতাংশ কম বুলি চৰকাৰী তথ্যত প্ৰকাশ। সোমবাৰে প্ৰকাশিত তথ্য অনুসৰি দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩.০৬ লাখ। সেই হিচাপেৰে বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ আছে ৩.৯৫ কোটি লোক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ক’ভিডত আটাইতকৈ প্ৰভাৱিত হোৱা দেশখনে হল ভাৰত। একেদৰে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৩৯ লোকৰ।

You might also like