নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিবেশনত মৃনালিনী দেৱী

নিয়মীয়া বাৰ্তা,২২ জানুৱাৰী: মানুহৰ হৃদয়ত যেতিয়া শ্ৰদ্ধা ভক্তি সন্মানে আগুৰি থাকে তেতিয়া ভগৱানৰ মন্দিৰত ভগৱানক খুজি থাকিলেও ভগৱান সদয় নহয়। ভগৱানক আমি হৃদয়ত স্থাপন কৰি ভক্তি সহকাৰে শ্ৰদ্ধা ভক্তি সন্মানে যদি আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হৈ আমি ভগৱানক হৃদয়ত বঢ়াব নোৱাৰো তেতিয়া মন্দিৰত গোটেই দিন ৰাতি বঢ়ি থাকিলেও আমাৰ ভগৱানক দেখাৰ ইচ্ছা পূৰ্ণ নহয়।এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ।

আজি পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ ৬৮ বৰ্ষীয় পূৰ্ণাংগ অধিৱেশনৰ মুকলি সভাত উদ্ধোধনী ভাষণত তেওঁ আৰু কয়, আজিকালি মাতৃসকলে ম’বাইলৰ ফোনটো নহ’লে কাম কৰিব নোৱাৰে।ম’বাইল ফোনটোৰে পথভ্ৰষ্ট শিশুসকলক শিকাব পাৰে।আগৰ দৰে মাতৃসকলে আইনাম, ঢাইনাম,বিয়ানাম, গোঁসাই নাম, নিচুকনী গীত গাই পথভষ্ট শিশুসকলক জগাব নোৱাৰে। আজি পাশ্চাত্য সভ্যতাৰ কবলত।অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু ভৰাগুৰি- পদুমণি অঞ্চলৰ ৰাইজৰ আমন্ত্ৰণ ক্ৰমে পদুমণি আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অধিবেশনৰ দুপৰীয়া মুকলি সভাত দেৱীয়ে অধিবেশন উপলক্ষে খগেন কুমাৰ গায়নৰ সম্পাদনা কৰা স্মৃতিগ্ৰন্থ “সোণালী ছোমনী” উন্মোচন কৰে।মুকলি সভাত উপস্থিত থাকি জনপ্ৰিয় উপন্যাস “লাইফ অফ এ ড্ৰাইভাৰ” লেখক ৰূপম দত্তই ভাষণ প্ৰসংগত কয়, অসম খন ভাগ ভাগ হ’বলৈ গৈ আছে।অসমত থাকি কোনোবাই যদি আমি অসমীয়া নহয় বুলি কয় আমি অসমৰ কোনোদিন নাছিলো আমাক জোৰ-জবষ্টি ৰখা হৈছে তেনেধৰণৰ মানুহক ৰাজহুৱা শাস্তি দিব লাগে বুলি মন্তব্য কৰাৰ লগতে জনপ্ৰিয় উপন্যাসিক গৰাকীয়ে শিখা ভট্ৰাচাৰ্য্যৰ প্ৰতিচ্ছবি নামৰ গল্প সংকলন খন
উন্মোচন কৰে বিশিষ্ট সাহিত্যত ৰূপম দত্তই ৷

পুৰণিগুদাম শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুলিন হাজৰিকা আৰু নৱনিৰ্বাচিত সভাপতি ৰবীন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনত সাংবাদিক লেখক প্ৰমোদ কুমাৰ শৰ্মাই সম্পাদনা কৰা পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ “পত্ৰিকা”, দীপালি গোস্বামীৰ গৃহিণীৰ হাতপুথি, ভবেন বৰাৰ নিনাদত কঁপাম আকাশ, তৰামাই শইকীয়াৰ পৌৰাণিক আখ্যান আৰু অকনিৰ সাধু নামৰ কিতাপ কেইখন উন্মোচন কৰা হয়।পুৰণিগুদাম শতদল সাহিত্য সভাৰ সহ সম্পাদক চিত্তৰঞ্জন বৰাই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমণিৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ ড’ অচ্যুত আকাশ বৰা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকা, অসম সাহিত্য সভা নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট উপস্থিত থাকি ভাষণ প্ৰদান কৰে। মুকলি সভাৰ আৰম্ভণিতে মহিলা সকলে এটি সমবেত সংগীত পৰিবেশন কৰাৰ লগতে নিলুৎপল গায়নে গীত পৰিবেশ কৰাৰ লগতে নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ৷

You might also like