নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ পুৱাৰ ভাগতে নগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডo শৰ্মা

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: কাইলৈ দূৰ্গা পূজাৰ মহাঅষ্টমী। অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা কাইলৈ পুৱাৰ ভাগতেই নগাঁৱত উপস্থিত হ’ব। মহাঅষ্টমীত মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও চহৰৰ শতবৰ্ষ অতিক্ৰম কৰা কেইবাখনো দুৰ্গা পূজাত অংশ গ্ৰহণ কৰি মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড. শৰ্মাই কাইলৈ পুৱা প্ৰথমতে ১২৬ বছৰীয়া  আমোলাপট্টি পূজা সমিতিৰ পূজাত অংশ গ্ৰহণ কৰি মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰিব।। ইয়াৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে হিন্দু মিলন মন্দিৰ, নগাওঁ বেঙ্গলী পূজা সমিতি, ৰামকৃষ্ণ মিচন পূজা সমিতি, বীণাপানী নাট্যমন্দিৰ পূজা সমিতি, হয়বৰগাওঁ বেঙ্গলী পূজা সমিতি, আৰু ফৌজদাৰীপট্টি কলা মন্দিৰ পূজা সমিতিৰ অষ্টমী পূজাত অংশ লব। মুখ্যমন্ত্ৰীৰ নগাওঁ ভ্ৰমনক কেন্দ্ৰ কৰি এই পূজা সমিতি সমুহ উৎফুলিত হৈ পৰিছে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই জানিবলৈ দিয়ে যে  মুখ্যমন্ত্ৰী গৰাকীক আদৰিবৰ বাবে নগাওঁ বাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

You might also like