নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা সপ্তমী! ধুবুৰীত দুৰ্গোৎসৱক লৈ পাৰ ভঙা উছাহ ৰাইজৰ

ধুবুৰী সদৰ থানা এলেকাত আয়োজিত হৈছে সৰ্বমুঠ ১০৪টৎ দুৰ্গাপূজা 

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: প্ৰখৰ ৰ’দকো নেওচি  আজি মহা সপ্তমীৰ পুৱাৰ পৰাই ধুবুৰীৰ পূজা মণ্ডপে পূজা মণ্ডপে দেখা গ’ল ৰাইজৰ পাৰ ভঙা উছাহ। বিগত দুটা বছৰে ক’ভিডৰ বাবে থকা শংকা আঁতৰাৰ পিছত স্বস্তিৰ নিশাহ পেলাইছে ৰাইজে আৰু জাতি–ধৰ্ম–ভাষা নিৰ্বিশেষে সকলোৱে  ধুবুৰীৰ এতিয়া বুৰ গৈছে দুৰ্গোৎসৱত। উল্লেখ্য যে, এইবাৰ ধুবুৰী সদৰ থানা এলেকাত অনুষ্ঠিত হৈছে ১০৪টা দুৰ্গাপূজা। ইপিনে  চহৰখনত আয়োজিত হোৱা বিভিন্ন পূজা মণ্ডপৰ ভিতৰত এইবাৰ ধুবুৰী চহৰৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ‘সবুজ সংঘ’ৰ দুৰ্গা পূজাৰ মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা সবুজ সংঘৰ এই দুৰ্গা পূজাই এইবাৰ ৭২ বছৰত ভৰি দিছে। ‘সবুজ সংঘ’ই নাওঁৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে সুসজ্জিত, বিশাল এক দুৰ্গা মণ্ডপ।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like