নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত পথ দুৰ্ঘটনাত নিহত ১, আহত ৩

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱেৰে ঘোষণা কৰিছে যে তেওঁ দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পাৰিছে। ৰাতি মহানগৰী গুৱাহাটীৰ ৰাস্তাত নামি নিজে সকলো বোৰ লক্ষ্য কৰিছে। দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যথাসাধ্য চেষ্টা কৰিছিল যদিও বছৰটোৰ শেষ নিশা কাছাৰক দুৰ্ঘটনা মুক্ত ৰাখিব নোৱাৰিলে। বৰখলাৰ শিলচৰ-কালাইন পথত সংঘটিত দুৰ্ঘটনাত এগৰাকী চালকে প্ৰাণ হেৰুৱায়। শুকুৰবাৰে নিশা প্ৰায় ১২ টা ৩০ মান বজাত শিলচৰ-কালাইন ৰোডৰ নিজজয়নগৰ-কুমাৰপাৰা জিপিৰ আমতলাৰ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে এখন চাৰিচকীয়া লৰিয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে। ইয়াৰ ফলত অভিজিত বৰ্ধন নামৰ বাহনখনৰ চালকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। লৰিখনত থকা আন এ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। ব্যক্তি গৰাকীক গুৰুতৰ আহত অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত তেওঁক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ইপিনে নিহত অভিজিত বৰ্মনৰ সৈতে এখন নাগালেণ্ডৰ ড্ৰাইভিং লাইচেঞ্চ পোৱা যায়। লাইচেন্স অনুসৰি তেওঁৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰৰ সীমাতলা কলনীত। অৱশ্যে, মূল বাসিন্দা যোৰহাট জিলাত বুলি জানিব পৰা যায়। ইপিনে কালি আবেলি প্ৰায় ৩ বজাত শিলচৰ-হাফলং মহাচড়কৰ মইনাগড়ত সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আহত হয়। দ্ৰুতবেগী স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত পৰি যায়। গুৰুতৰভাৱে আহত দুই যুৱক বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে।

You might also like