নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ যুঁজত ৫০০ কোটি টকা খৰচ কৰিব টাটা ট্ৰাষ্টে

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ যেতিয়াই দেশ বিপদৰ সন্মুখীন হৈছে তেতিয়াই টাটা ট্ৰাষ্টে সহায়ৰ হাত আগবঢ়াই আহিছে। এইবাৰো যেন ব্যতিক্ৰম নহল টাটা ট্ৰাষ্ট। শনিবাৰে টাটা ট্ৰাষ্টে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ৫০০ কোটি টকাৰ দিয়াৰ কথা ঘোষণা কৰিছে। টাটা ট্ৰাষ্ট্ৰৰ অধ্যক্ষ ৰতন টাটাই কয় অত্যন্ত কঠিন সময়। মানৱ জাতিৰ সন্মুখত এক তীব্ৰ প্ৰত্যাহ্বান। এই কঠিন যুঁজৰ বাবে জৰুৰী কালীন সামগ্ৰীৰ তৎকালীন বাৱে আৱশ্যক। ক’ৰোনা ভাইৰাছ ৰ সংকট সকলোতকৈ কঠিন প্ৰত্যাহ্বান। যত আমি যুঁজি আছো। লগতে টাটাই কয় যে এই টকা ক’ৰোনা ভাইৰাছ ৰ বিৰোধে যুঁজ কৰা স্বাস্থ্য কৰ্মী সকলৰ বাবে সামগ্ৰী আৰু লগতে ক’ৰোনা পীড়িত সকলৰ বাবে খৰচ কৰা হ’ব।

You might also like