নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শৈক্ষিক সভা সম্পন্ন

শৈক্ষিক বিষয়ত ছাত্ৰ- ছাত্ৰীৰ সৈতে মত বিনিময়/ 

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: গহপুৰ মহকুমাৰ পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা তিনি নবেম্বৰত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন শৈক্ষিক সভা সম্পূৰ্ণ সফলতাৰে অনুষ্ঠিত কৰা হয় । গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পাৰ্থ বৰুৱাৰ সভাপতিত্বত বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভা খনৰ সামগ্ৰিক ভাবে আঁত ধৰে পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কৃষ্ণ নাথবেজৰুৱাই। সভা খনত সমল ব্যক্তি হিচাবে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি বৰা। শৈক্ষিক দিশ সন্দৰ্ভত অধ্যয়ন পুষ্ট বক্তব্য প্ৰদান কৰি ধ্ৰুৱজ্যোতি বৰাই কয় যে ৰাজ্য খনৰ শৈক্ষিক দিশটোক সদৌ অসম ছাত্ৰ সন্থাই সদায়েই আগস্থান প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে সেৱা আগবঢ়াই আহিছে।অসমৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে শৈক্ষিক দক্ষতাৰে  বিশ্ব জয় কৰিবলৈ আগবাঢ়ি যাব পাৰে -তাৰ কাৰণে ভাল শিক্ষা,ভাল শিক্ষানুষ্ঠান আৰু উপযুক্ত সংস্থাপন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ অসমৰ শিক্ষা বিভাগক ছাত্ৰ নেতা ধ্ৰুৱজ্যোতি বৰাই আহ্বান জনায়। গাম্ভীৰ্য পূৰ্ণ সভা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা ভূৱনেশ্বৰ তাঁতীয়ে নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰি কয় যে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাক জীৱনৰ ব্ৰত হিচাপে লৈ প্ৰতিযোগিতামুখী মানৱ সমাজত নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি স্বদেশ-স্বজাতিৰ হকে সেৱা আগবঢ়াই যাব লাগিব। ইয়াৰ পিছতে শৈক্ষিক সভা খনত উপস্থিত থকা শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগত” শৈক্ষিক উত্তৰণ, শৈক্ষিক সমস্যা আৰু সমাধান” শীৰ্ষক বিষয়ৰ ওপৰত মত বিনিময় কৰে। শৈক্ষিক সভা  খনত কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা, প্ৰতিভা সন্ধানী প্ৰতিযোগিতা, শিক্ষানুষ্ঠান সমূহৰ আন্ত: গাঁথনি ,খালী হৈ থকা শিক্ষক পদৰ পূৰণ সম্পৰ্কে ব্যৱস্থা গ্ৰহণকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । শৈক্ষিক সভা খনৰ পিছতে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছু গোটৰ ২০২২-২৩ বৰ্ষৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয়। নতুন সমিতি খনৰ সভাপতি হিচাপে ধ্ৰুৱ বৰা আৰু সাধাৰণ সম্পাদক হিচাপে পংকজ দাসক দায়িত্ব অৰ্পণ কৰি ৫১ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয়।সভা খনত অসম উন্নতি সভাৰ গহপুৰ জিলা সমিতিৰ আহ্বায়ক অৰুণ মহন্ত‌, নৱজ্যোতি ৰাজখোৱা,গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দেৱজিৎ শৰ্মা,পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপন শ‌ইকীয়া,হাৱাজান শাখা ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত পাচনী, সাধাৰণ সম্পাদক পৰাগ বৰাসহ  ছাত্ৰ সন্থাৰ একাধিক বিষয় -ববীয়া উপস্থিত থাকে।অন্যহাতেদি  শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ লগত শৈক্ষিক সভা অনুষ্ঠিত কৰি শৈক্ষিক বিষয়ত মত বিনিময় কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব পূৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপন শ‌ইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
You might also like