নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত জঘন্য কাণ্ড: ৬২ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি মুকবধিৰ যুৱতী; বৃদ্ধক গ্ৰেপ্তাৰ

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: মাজুলী জিলাত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ৬২ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল ২৩ বছৰীয়া এগৰাকী মুকবধিৰ যুৱতী।ঘটনা অনুসৰি জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত ধনাই চাপৰিৰ ডিম্ব কলিতা নামৰ এটা লম্পট বৃদ্ধই যুৱতী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই ঘৃণনীয় কাণ্ড সংঘটিত কৰে।লম্পট বৃদ্ধৰ কামনাৰ বলি হোৱা দুৰ্ভগীয়া যুৱতীগৰাকীৰ কিছুদিন পিছত অত্যাধিক পেটৰ বিষ হোৱাত মাকক সেই কথা অৱগত কৰাত পৰিয়ালৰ লোকে যুৱতী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ পাছত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহে আৰু যুবতী গৰাকীয়ে আকাৰ-ইংগিতেৰে ঘটনাটো সংঘটিত কৰা বৃদ্ধক দেখুৱাই দিয়ে । এই কথা জনাৰ  পাছতে যুৱতী গৰাকীৰ মাতৃ আৰক্ষীৰ কাষ চাপে ।বৰ্তমান চাৰি মাহৰ অন্ত:সত্বা যুৱতী গৰাকীৰ ওপৰত সংঘটিত নিলৰ্জ ঘটনা সন্দৰ্ভত পৰিয়ালৰ অভিযোগ মৰ্মে জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীলিপ কুমাৰ চুতীয়াই অভিযুক্ত ডিম্ব কলিতাক গ্ৰেপ্তাৰ কৰি আৰক্ষী জিম্মাত সোধা পোছা অব্যাহত ৰখাৰ লগতে অভিযুক্তৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ২/২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে।উল্লেখযোগ্য যে,আৰক্ষীৰ সন্মূখত অভিযুক্ত ডিম্ব কলিতাই সমগ্ৰ ঘটনা সত্য বুলি স্বীকাৰ কৰিছে।
প্ৰেৰক: প্ৰাঞ্জল খাউণ্ড
You might also like