নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা চিভিল হাস্পতালৰ দালালৰাজ বন্ধৰ দাবীঃ খুচুৰা ঔষধ বিক্ৰেতাৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: গোৱালপাৰা চিভিল হস্পিতালৰ দালালৰাজ বন্ধৰ দাবীত আজি একাংশ খুচুৰা ঔষধ বিক্ৰেতাই আৰক্ষী অধীক্ষকক এখনি লিখিত অভিযোগ দাখিল কৰে । প্ৰাপ্ত অভিযোগ মতে গোৱালপাৰা চিভিল হস্পিতালৰ ভিতৰে বাহিৰে দিনে নিশাই পিয়াদি ফুৰা একাংশ দালালে বিভিন্ন ঠাইৰ পৰা অহা দুখীয়া দুৰ্ভগীয়া ৰোগীক ফুচুলাই ব্যাক্তিগত চিকিৎসকৰ চেম্বাৰলৈ নি অন্যায়ভাৱে আৰ্থিক হাৰাশাস্তি কৰি আছে । ইয়াৰ পৰিনাম স্বৰূপে এফালে দুখীয়া ৰোগী সকলে ক্ষতিগ্রস্ত হোৱাৰ বিপৰীতে আনফালে হস্পিতালৰ সন্মুখত থকা পঞ্জীয়নভুক্ত খুতৰা ঔষধৰ দোকানীসকলৰ বিক্ৰী কমি গৈছে ।

বিক্ৰী কমি যোৱাৰ ফলত দোকানীসকলে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে জনোৱাৰ পিছতো বৰ্তমানলৈকে কোনো ধৰণৰ সুফল নোপোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে গোৱালপাৰা চিভিল হস্পিতালৰ ভিতৰে বাহিৰে থকা দালালৰাজ বন্ধ কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰাৰ লগতে ক্ষুদ্ৰ খুচৰা ঔষধৰ দোকানী সকলৰ ব্যাৱসায়ৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰি দিয়াৰ বাবে জিলা আৰক্ষী অধীক্ষক ব্যাৱসায়ী সকলে আবেদনযোগে দাবী জনাইছে ।

You might also like