নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত স্থাপন নামঘৰ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: কৃষি কাৰ্যৰ সমান্তৰালকৈ গৰুখুটি মুখৰিত হৈ পৰিছে হৰিনামৰ ধ্বনিৰে। ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পস্হলীত নিৰ্মাণ কৰা নামঘৰত আজি দিনযোৰাকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ অনুষ্ঠানে সমগ্ৰ অঞ্ছলটোকেই প্ৰদান কৰে অনন্য মাত্ৰা।

ল্লেখযোগ্য কৃষি বিপ্লৱৰ সমান্তৰালকৈ গৰু খুটিত গুৰুজনাৰ আদৰ্শেৰে বোৱাই নিয়া হব আধ্যাত্মিকতাৰ বোৱতী সোত। যত প্ৰতিটো পুৱা আৰু গধূলি মুখৰিত হব হৰি নামৰ ধ্বনি।মুলত এই উদ্দেশ্য আগত ৰাখিয়েই ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত স্হাপন কৰা হৈছে এটা নামঘৰ।আজিৰে পৰা আনুষ্ঠানিক ভাবে এই নামঘৰৰ শুভাৰম্ভ হোৱাৰ লগতে সমগ্ৰ কাতি মাহ ধৰি চলি থাকিব শ্ৰৱণ-কীৰ্তনৰ অনুষ্ঠান।

উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱন সমৃদ্ধিশালী কৰা নামঘৰ স্হাপন কৰাৰ পিছত ধলপুৰৰ ভুমিয়ে পবিত্ৰতা লাভ কৰাৰ লগতে উক্ত স্হানত ভুমিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহি শ্বহীদ হোৱা লোকসকলৰ আত্মাই শান্তি পোৱা বুলি উল্লেখ কৰে কৃষি সমিতিৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।উল্লেখযোগ্য যে ধলপুৰ কৃষি প্ৰকল্পৰ পৰিবেশেই আজি হৈ পৰিছিল অনন্য।কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাক দেখা গল সম্পুৰ্ণ ভকতৰ সাজত।

কেৱল ইমানেই নহয় ভকতৰ লগত বহি নৱ নিৰ্মিত নামঘৰত হৰি নামতো ভাগ লয় বিধায়ক গৰাকীয়ে।আনহাতে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সপোন লৈ কৃষি প্ৰকল্প ঘোষণা কৰিছিল সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গৰুখুটি বাসীয়ে কৰা সহযোগৰো শলাগ লয় পদ্ম হাজৰিকাই।

আনহাতে পুৱাৰ ভাগতে ছিপাঝাৰৰ বিধায়ক তথা কৃষি সমিতিৰ সদস্য ড০পৰমানন্দ ৰাজবংশীয়ে ধৰ্মধ্বজা উত্তোলন কৰি সমগ্ৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সপত্নীক আজিৰ কাৰ্যসূচীত অংশ লৈ ড০ পৰমানন্দ‌ ৰাজবংশীয়ে গৰুখুটি -ধলপুৰ অঞ্ছল অতীজৰে পৰা আধ্যাত্মিক পীঠস্হান আছিল বুলি উল্লেখ কৰি আজি নামঘৰ প্ৰতিষ্ঠাৰ জৰিয়তে ইয়াৰ ঐতিহ্য ওভতাই অনাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি ষ্পষ্ট কৰি দিয়ে।

একেদৰে সপত্নীক আজি বিশেষ ভাবে উপস্থিত থাকি মঙলদৈৰ সা‌ংসদ তথা কৃষি সমিতিৰ সদস্য দিলীপ শ‌‌ইকীয়াও ধলপুৰৰ প্ৰকল্প এক বিশেষত্ব পূৰ্ণ প্ৰকল্প বুলি উল্লেখ কৰি কৃষি কৰ্থনীতিৰ সমান্তৰালকৈ আধ্যাত্মিক চেতনাও বোৱাই দিয়া হব বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে আজি পুৱাৰ ভাগতে উক্ত স্হানত উপস্থিত থাকে কৃষি সমিতিৰ আনগৰাকী সদস্য মৃণাল শ‌‌ইকীয়াও উপস্থিত থাকে।গৰু খুটি আঞ্ছলিক ভাগৱত চক্ৰৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ কাৰ্য সূচীত পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰে ছিপাঝাৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মাই। আঞ্ছলিক ভাগৱত চক্ৰৰ হৈ হৰিচন্দ্ৰ নাথে পৰিচালনা কৰা অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই স্মৃতি তৰ্পণ আৰু জিলা পাৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰে ভাগৱত পাঠৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।ৰাইজে উক্ত স্হানত এটি স্হায়ী ভাগৱত নামঘৰ স্হাপনৰ পোষকতা কৰি আজি উপস্থিত থকা বিধায়ক আৰু সাংসদক কৰা আহ্বানৰ প্ৰতি সহাৰি দি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি এই পদক্ষেপ গ্ৰহন কৰা হব বুলি প্ৰকাশ কৰিছে ক্ৰমে পদ্ম হাজৰিকা, পৰমানন্দ ৰাজবংশী আৰু দিলীপ শ‌‌ইকীয়াই।আনহাতে উক্ত স্হানত তিৰাশীৰ শ্বহীদ সকলৰ সোৱৰণত শ্বহীদ স্মাৰক নিৰ্মাণৰ প্ৰতিশ্ৰুতি ৰখাৰ লগতে সমুহীয়া শ্মশানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হব বুলি দোহাৰে সাংসদ দিলীপ শ‌‌ইকীয়াই।

ইফালে নামঘৰত ভাগৱত পাঠ আৰু নাম কীৰ্তন চলি থকাৰ সমান্তৰালকৈ আজি সৰিয়হ সিচা কাৰ্য‌ও ৰূপায়ণ কৰা হয়।জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত অধ্যক্ষ পদ্ম হাজৰিকা আৰু বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে অংশ লয় এই কাৰৃযসূচীত।

input: ৰঞ্জিত কুমাৰ নাথ

You might also like