নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত অবৈধ চুলাইৰ বিৰুদ্ধে আবকাৰী-আৰক্ষীৰ অভিযানঃ পাঁ‌চ হাজাৰৰো অধিক লিটাৰ ‘পাছ’ নষ্ট

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ: মৰিয়নি বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ সমান্তৰালভাৱে সমষ্টিটোত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে । মৰিয়নি আৰু যোৰহাটৰ আবকাৰী বিভাগে মৰিয়নিৰ বিভিন্ন অঞ্চলত সঘনাই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

আজি মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত বিজয়পুৰ মিছিং গাঁৱত আবকাৰী আৰু আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰিবলৈ সাজু কৰি ৰখা ‘পাছ’ উদ্ধাৰ কৰি সেইসমূহ নষ্ট কৰে ।

আবকাৰী পৰিদৰ্শকদ্বয় নৱাব আলি আৰু যজ্ঞেশ্বৰ বড়োৰ লগতে মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্তৰ নেতৃত্বত যোৱা আবকাৰী আৰু আৰক্ষীৰ দলে বিজয়পুৰ মিছিং গাঁৱত অভিযান চলায় । অভিযানকাৰী দলটোৱে চুলাই প্ৰস্তুত কৰিবলৈ সাজু কৰি ৰখা প্ৰায় ৫৪০০ লিটাৰ ‘পাছ’, প্ৰায় ৪০ লিটাৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন যতন উদ্ধাৰ কৰি সেইসমূহ ঠাইতে নষ্ট কৰি পেলায় ।

‘পাছ’ সমূহ অতিশয় কদৰ্য্যময় পৰিবেশত গাঁ‌ত খান্দি পুতি লুকুৱাই থোৱা হৈছিল বুলি জানিব পৰা গৈছে । অৱশ্যে অভিযানকালত কোনো অবৈধ চুলাই বেপাৰীক আবকাৰী আৰু আৰক্ষীয়ে ধৰিব নোৱাৰিলে ।

মন কৰিব লগীয়া যে, বিজয় মিছিং গাঁৱত দীৰ্ঘদিন ধৰি চুলাই মদৰ অবৈধ ব্যৱসায় পুৰ্নোদ্যমে চলি আছে । কিছুদিন পূৰ্বে আবকাৰী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে উচ্ছেদ অভিযান চলাইছিল যদিও দুদিনমানৰ পিছতেই পুনৰ চুলাই ভাটি স্থাপন কৰে অবৈধ চুলাই বেপাৰীয়ে । এই ক্ষেত্ৰত এনে অবৈধ চুলাই বেপাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

You might also like