নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰত উত্তেজনাঃ আৰক্ষীৰ গুলীত গুলিবিদ্ধ প্ৰাক্তন আছু নেতা

নিয়মীয়া বাৰ্তা, ২২জানুৱাৰীঃ আজি নিশা প্ৰায় ৮.৩০বজাত নগাঁও চহৰৰ কচলুখোৱা ৰেলগেটৰ ওচৰত আৰক্ষীৰ গুলীত আছুৰ এজন প্ৰাক্তন নেতা তথা নগাঁও কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰা গুলিবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত হোৱা ঘটণাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুলিবিদ্ধ প্ৰাক্তন ছাত্ৰ নেতা জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,আজি নিশা কচলুখোৱা ৰেল গেটৰ ওচৰত আৰক্ষীৰ এটা তহলদাৰী দলে যুৱক জনক ৰ’বলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ মটৰ চাইকেলখন ৰখায়েই কৰ্তব্যৰত আৰক্ষীয়ে তৰ্কাতৰ্কিত লিপ্ত হয়। আৰক্ষীয়ে দাবী কৰা অনুসৰি যুৱকজন সেই সময়ত সুৰামত্ত অৱস্থাত আছিল। পৰিস্থিতি জটিল হৈ পৰাত আৰক্ষীয়ে যুৱকজনৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়।

ইপিনে, নগাঁও আৰক্ষীৰ এই ভাষ্যক পোনচাতেই নাকচ কৰিছে প্ৰাক্তন ছাত্ৰ নেতা জনৰ পৰিয়ালৰ লোকে। ছাত্ৰ নেতা জনৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন লোকে প্ৰকাশ কৰা অনুসৰি,কীৰ্তি কমলে আজি সন্ধিয়া ঔষধ আনিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। আৰক্ষীয়ে দাবী কৰা নিচিনাকৈ তেওঁ মদ্যপান কৰি ঘৰলৈ ওভটি অহা নাছিল।কিয়নো তেঁও কাহানিও মাদক দ্ৰব্য সেৱন নকৰে বুলি পৰিয়ালৰ লোকে দাবী কৰি কয়যে,যুৱক জনক পুলিচে গুলীয়াই আহত কৰাটো দুৰ্ভাগ্যজনক।এনে একো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল যে যুৱক জনক গুলিবিদ্ধ কৰিব লগা হ’ল।

আনহাতে, ছাত্ৰ নেতা জনৰ আত্মীয় আৰু একাংশ শুভাকাংশীয়ে নিশা চিকিৎসালয় খনত উপস্থিত হৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে। সমগ্ৰ ঘটণাৰ সন্দৰ্ভত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সাংবাদিকৰ আগত কয় যে, সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক তদন্ত কৰা হ’ব।তদন্ততহে সকলো কথা পোহৰলৈ আহিব।

You might also like