নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াৰ মৃন্ময় শিল্পীসকল ব্যস্ত দুৰ্গা পূজাৰ মূৰ্ত্তি নিৰ্মাণত

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: শাৰদীয় দূৰ্গোৎসৱলৈ  মাজত মাথোঁ কেইটামান দিন বাকি । চতিয়াৰ মৃন্ময় শিল্পী সকলৰ মাজত এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে দূৰ্গা পূঁজাৰ বাবে মূৰ্ত্তি নিৰ্মাণৰ কামত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে এক উখল মাখল পৰিৱেশ ৷ দূৰ্গা পূঁজাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃন্ময় শিল্পী সকল ৷ অবিভক্ত শোণিতপুৰ জিলাৰ চতিয়াৰ  বিভিন্ন প্ৰান্তৰ লগতে কোঁচগাঁৱত থকা শিল্পালয়ৰ স্বত্বাধিকাৰী তথা মৃন্ময় শিল্পী গোপাল বৰকটকীও অত্যাধিক ব্যস্ত হৈ পৰিছে দূৰ্গা পূঁজাৰ মূৰ্ত্তি নিৰ্মাণত । দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পী গোপালে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিমা নিৰ্মাণৰ বাবে অৰ্ডাৰ লাভ কৰিছে মৃন্ময় শিল্পী সকলে ৷ শিল্পালয়ৰ মৃন্ময় শিল্পী গোপাল বৰকটকীয়ে জানিবলৈ দিয়ে যে অন্য বছৰৰ তুলনাত এইবাৰ নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই প্ৰতিমাৰো মুল্য বৃদ্ধি হৈছে ৷ চৰকাৰৰ ফালৰ পৰা মৃন্ময় শিল্পীসকলে প্ৰয়োজনীয় কোনো ধৰনৰ সহাৰী পোৱা নাই ৷ চৰকাৰী সাহাৰ্য্য তথা সা সুবিধা লাভ কৰিলে অনাগত দিনত মৃন্ময় শিল্পী সকলে আৰু বেছিকৈ প্ৰতিমা নিৰ্মাণ কৰিবলৈ সক্ষম হব বুলিও জানিবলৈ দিছে মৃন্ময় শিল্পীয়ে ৷
You might also like