নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত দুটাকৈ পথ দুৰ্ঘটনাত এজনৰ মৃত্যুঃ আহত ২৭

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতিপুৱা সংঘটিত এক পথ দুৰ্ঘটনাত ২৭ গৰাকী ব্যক্তি গুৰতৰভাবে আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS01 HC 6239নম্বৰৰ যাত্ৰীবাহী বাছখনে আৰেয়াৰঝাৰত ঘন কুঁৱলিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে। পিছত স্থানীয় ৰাইজে আহতসকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায়। ইপিনে একেখন থানাৰ অন্তৰ্গত ধীৰঘাটত ৰাতিপুৱা 6:45মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী বেক্তি থিতাতে নিহত হয়। জানিব পৰা মতে AS 17 C 4733 নম্বৰৰ ট্ৰাকখনে বিপৰীত দিশৰ পৰা আহি থকা AS 19 N 4380 নম্বৰৰ বাইক খনক মহটিয়াই নিয়াৰ ফলত বাইক আৰোহী ফৌজদাৰচৰৰ মহিৰুদ্দিন সেখ ৰ থিতাতে মৃত্যু হয়।

প্ৰেৰকঃ আতিকুল হুছেইন, চাপৰ

You might also like