নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ আয়োজনৰ মাজতে উপাৰ্জনৰ বাট বিচাৰি পালে ঢকুৱাখনাত এজাক মহিলাই

পিঠা-জলপান বিক্ৰী কৰি আর্থিকভাৱে লাভৱান

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  ভোগালীক আদৰাৰ বিশেষ ব্যস্ততা চলিছে সমগ্ৰ ৰাজ্যতে ৷ ইয়াৰ মাজতে ব্যতিক্ৰমী পদক্ষেপেৰে কিবা এটা কৰাৰ মানসেৰে ওলাই আহিল ঢকুৱাখনাত দুখনকৈ গাঁৱৰ এজাক মহিলা।।ভোগালীৰ আয়োজনৰ মাজতে এইজাক মহিলাই উলিয়ালে উপাৰ্জনৰ বাট।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছন ঢকুৱাখনা খণ্ডৰ অন্তৰ্গত হাৰ্হি পঞ্চায়তৰ মাহধোৱাৰ উপাসনা এণ্টাৰপ্ৰাইজ আৰু উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ জামুগুৰিৰ অপৰাজিতা এণ্টাৰপ্ৰাইজ নামৰ মহিলা গোট দুটা ব্যস্ত হৈ পৰিছে ঢেঁকীত পিঠা খুন্দি তিল পিঠা,তেল পিঠাকে আদি কৰি বিভিন্ন জা-জলপান তৈয়াৰ কৰাত।কেৱল ভোগালী বিহু উদযাপনৰ বাবেই নহয়, তেওঁলোকে সাজু কৰি তুলিছে ঢকুৱাখনাৰ বজাৰত ভোগালীৰ জলপানৰ ক্ষেত্ৰত নিজৰ দখল গঢ়াৰ বাবে ।

ইতিমধ্যে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়,ধেমাজি আদি জিলাতো সদস্যা সকলৰ প্ৰচেষ্টাত বিভিন্ন জলপান তৈয়াৰ কৰি বিক্ৰী কৰাৰ বাবে প্ৰেৰণ কৰিছে ।পঞ্চায়ত দুটাৰ দুই CRP-EP জ্যোতিপ্রভা শইকীয়া আৰু প্ৰণিতা দাস আৰু জীৱিকা সখী নমিতা কোচ বৰগোঁহাই আৰু ভাগ্য সন্দিকৈৰ নেতৃত্বত ২১ গৰাকী মহিলাই ভোগালী বিহুৰ উপলক্ষে বিধে বিধে পিঠাপনা, সান্দহ, বিভিন্ন লাড়ু, নাৰিকলৰ চিৰা আদি প্ৰস্তুত কৰি সেইসমূহ বজাৰত বিক্রীৰ ব্যৱস্থা কৰিছে।সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা এই পিঠা-পনাই এতিয়া বজাৰতো লাভ কৰিছে বিশেষ সমাদৰ।

ইতিমধ্যে দুয়োটা মহিলা গোটৰ সদস্যসকলে ১০-১৫ হাজাৰ তিলৰ পিঠা, লাড়ু, সুন্দৰভাৱে পেকেটিং কৰি বিক্ৰী কৰি উপাৰ্জনৰ বাট মোকলাইছে ৷কালৰ গৰাহত অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন পিঠা-পনা,জলপান জীয়াই ৰখাৰ ক্ষেত্ৰতো তেওঁলোকে মনোনিৱেশ কৰিছে।এফালে সংস্কৃতি, পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস ,আনফালে স্বাৱলম্বিতাৰ জৰিয়তে এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ অভিনৱ পদক্ষেপে এইসকল মহিলাই এতিয়া সকলোৰে প্ৰশংসা লাভ কৰিছে।

You might also like