নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰৰ মৰসাহ! ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ৰ নিচেই কাষতে নিশা তিনিটাকৈ এটিএম ভাঙি প্ৰায় ৫০লাখ টকা লুট

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নগাঁও জিলাৰ ৰহা নগৰৰ মাজমজিয়াতে তথা ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ নিচেই কাষতেই যোৱা নিশা চোৰে তিনিটাকৈ এ,টি,এম ভাঙি ধন লুট কৰি নিয়া ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে ৰহা নগৰৰ মাজ-মজিয়াতে থকা ভাৰতীয় ষ্টেট বেংকৰ ৰহা শাখাৰ লগত সংলগ্ন হৈ থকা এ,টি,এম, কেন্দ্ৰত যোৱা  নিশা চোৰৰ দলে প্ৰবেশ কৰি কেন্দ্ৰটোত থকা তিনিটাকৈ এ,টি,এম মেছিন ভাঙি লণ্ড-ভণ্ড কৰি এ,টি,এমত থকা বৃহত পৰিমাণৰ ধন লুট কৰি উধাও হয়। আজি পুৱা স্হানীয় লোকে প্ৰাত:ভ্ৰমণৰ বাবে অহাৰ সময়ত এ,টি,এম,টো লণ্ডভণ্ড হৈ থকা প্ৰত্যক্ষ কৰি ৰহা আৰক্ষীক খবৰ দিয়াত ততালিকে ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ইয়াৰ পিছতে  নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো নগাঁও আৰক্ষীৰ এটা দলসহ ঘটনাস্হলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে।

চোৰৰ দলটোৱে লুট কৰা ধনৰ পৰিমাণ এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও তিনিটা এ,টি,এমৰ পৰা লুট কৰা ধনৰ পৰিমাণ প্ৰায় ৫০লাখ টকা হব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, ৰহা বজাৰৰ মাজত ৰহা চক্ৰ বিষয়া কাৰ্যালয়ৰ নিচেই কাষতে আৰু ৰহা থানাৰ পৰা মাত্ৰ দুশ মিটাৰ দুৰত্বতে থকা এ,টি,এমটোত এনেদৰে চুৰি হোৱা ঘটনাই ৰহা নগৰৰ বাসিন্দাসকলৰ লগতে ৰহাৰ ব্যবসায়ী সকলকো হতচকিত কৰি তুলিছে। ঘটনাস্থলীত উপস্থিত হোৱা জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমক জানিব দিয়া মতে নিশা প্ৰায় ৩:৩০ বজাত চোৰৰ দলে গেছ কাটাৰ ব্যৱহাৰ কৰি  এ,টি,এম কেইটা কাটি ধন লৈ যোৱা সন্দেহ কৰা লগতে চি,চি,টি,ভিৰ ফুটেজো আৰক্ষীয়ে লাভ কৰিছে। লগতে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ তদন্ত চলোৱা হৈছে আৰু শীঘ্ৰে দুৰ্বৃত্তৰ দলটো আৰক্ষীৰ জালত পৰিব বুলিও মত প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, ৰহা নগৰৰ মূল পথৰ লগতে থকা এ,টি,এম দুৰ্বৃত্তৰ দলে  ভাঙি টকা লৈ উধাও হোৱাৰ মৰসাহক লৈ চিন্তিত স্থানীয় লোক তথা  ব্যৱসায়ী সকল। অন্যহাতে তিনিটাকৈ এ,টি,এমৰ মেচিন  থকা এ,টি,এম কক্ষটো আজি কিছুদিনৰ পৰা পোহৰৰ ব্যৱস্থা নথকা বুলিও বহুতে অভিযোগ কৰিছে আৰু দুৰ্বৃত্ত দলে ইয়াৰ সুযোগ গ্ৰহণ কৰিলে বুলি বহুতে মন্তব্য কৰিছে। ইতিমধ্যে ৰহা আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাইছে বুলি খবৰ পোৱা গৈছে।

   প্ৰেৰক: ভৱজ্যোতি ডেকা ৰহা

You might also like