নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াৰ ভাইৰেল ভিডিঅ’ৰ পাছত গা লৰিল ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী: চৰকাৰী অৱহেলা আৰু অপ্ৰাপ্তিৰ দীর্ঘ দিনীয়া পঞ্জীভুত ক্ষোভ বেদনাৰ বৰ্হি প্ৰকাশ ঘটাই ঢকুৱাখনাৰ এগৰাকী দৰিদ্ৰ কিশোৰীয়ে কৰা এক ‘ফেচবুক লাইভ’ৰ পৰৱৰ্তী সময়ত উন্মোচিত হৈছে গ্ৰামোন্নয়ন আঁচনিৰ নামত ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তগত পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তত সংঘটিত নগ্ন বেহাখন। ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়ত অন্তগত ৪ নং ৱাৰ্ড মাজ জালভাৰী গাওঁৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দুৰৱস্থা আৰু অসহায় অৱস্থাৰ ক্ষুভ বেদনাৰ বহিঃপ্ৰকাশ ঘটাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ সাহায্য বিচাৰি দিয়া এটা ফেচবুক পোষ্টে পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগত খলকনি তোলাৰ  লগতে উন্মোচন কৰিলে কেতবোৰ বিস্ফোৰক তথ্যও ৷ পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্তনৰ বেলিকা অব্যাহত থকা কমিচনৰাজ সন্দৰ্ভতো ছাত্ৰী গৰাকীা আইতাক বৃদ্ধা বগী দত্তই কৰা মহা বিস্ফোৰণৰ বাতৰি  প্ৰকাশ হোৱাৰ পাছতেই মঙ্গলবাৰে সন্ধিয়া অভিযোগকাৰী দৰিদ্ৰ পৰিয়ালটোৰ গ্‌হত  উপস্থিত হয় ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত।  দৰিদ্ৰ বগী দত্তৰ ঘৰত উপস্থিত হোৱা বিষয়াগৰাকীক স্থানীয় ৰাইজে পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তৰুণ শইকীয়া আৰু মধ্যভোগী নিৰু দত্তৰ ওপৰত আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনায়  কি দৰে ধনৱন্ত পৰিয়ালে পি এম এ ৱাই (জি) আঁচনি লাভ কৰিব পাৰে সেয়াও তদন্ত কৰাৰ আহ্বান জনায় বুলিও জানিবলৈ দিয়ে ৷ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নিশ্চিতভাবে ৰাইজৰ এই উত্থাপিত অভিযোগ  সন্দৰ্ভত তদন্ত কৰিব বুলি আশ্বাস দিয়াৰ লগতে দৰিদ্ৰ পৰিয়াল বগী দত্তক অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰী আৱাস গৃহৰ লাভৰ সুবিধা প্ৰদান কৰিব বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়া বুলিও ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দি ঘটনাৰ ক্ষীপ্ৰ তদন্তৰো দাবী জনাই ৷ এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব ৷
You might also like