নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:   অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ  যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন  কেৰিয়াৰ  কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী  তাৰিখে  সন্ধিয়া  ৭.৩০ বজাত  অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ   যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী   ড° বুলজিৎ বুঢ়াগোহাঁই । এই কৰ্মশালাখনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰিব পাৰিব ।

এই কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code) হ’ল bak-msac-zgw।  এই কৰ্মশালাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ই-মেইল ( [email protected] ) বা ফোনত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব ।

You might also like