নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪টাকৈ বানত সৰ্বস্ৰান্ত ৰাজ্যৰ কৃষক

কৃষকৰ তামোল-পাণ, নেমু খেতিৰ ব্যাপক ক্ষতি

নিয়মীয়া বার্তা, ১১ আগষ্টঃ চলিত বৰ্ষত চাৰিবাৰকৈ হোৱা বানপানীৰ ফলত নগাওঁ জিলাৰ ৭টা ৰাজহ চক্ৰৰ হাজাৰ হাজাৰ লোক ক্ষতি গ্ৰস্ত হৈছে। বানৰ ফলত জিলাখনৰ হাজাৰ হাজাৰ কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। বিশেষকৈ কপিলী আৰু বৰপানী নদীৰ বানপানীৰ কৱলত পৰি কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কৃষকৰ এতিয়া বিলৈ বিপত্তি নোহোৱা হৈছে। বৰপানী নদীৰ মাধৱপাৰা, পমিলা আৰু লংজাপৰ আৰু কপিলী নদীৰ বকুলগুৰি, আমতলা কাকতি গাঁৱৰ চিঙা মাথাউৰিৰে পানী সোমাই কৃষকৰ সপোন থান-বান কৰি পেলালে।

চাৰিবাৰকৈ হোৱা প্ৰবল বানে বৃহত্তৰ কচুৱা অঞ্চলৰ কৃষকৰ বৰো ধানৰ খেতি নষ্ট কৰাৰ লগতে শালি ধানৰ খেতিৰ কঠীয়াখিনিও বানত জাহ যোৱাত কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে। ইপিনে সম্প্ৰতি বানপানী শুকাইছে যদিও কঠীয়াৰ অভাৱত কৃষকে ভূঁই ৰুব পৰা নাই। বানত ধান খেতি, শাক পাচলি খেতি নষ্ট হলেও পমিলা, আলিবস্তি, শিমলুগুৰি, গৰঙাপাৰ, ৰজাআলি, জুৰিৰপাৰ, লংজাপ, পদুমণি আৰু মাধৱপাৰাকে ধৰি বহু কেইখন গাঁৱৰ কৃষকে তামোল -পাণ, নেমু, নাৰিকল আদি খেতিৰ উৎপাদিত ফচল বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে।

এইবেলি চাৰিবাৰকৈ হোৱা বানপানীৰ ফলত বৃহত্তৰ কচুৱা অঞ্চলত বহু হেক্টৰ তামোল বাগান, নেমু বাগান, পাণ গছ আদিৰ ব্যাপক ক্ষতি সাধন হৈছে। তামোল, নেমু, পাণ আদি সকলো গছ মৰহি যোৱা পৰিলক্ষিত হৈছে। ফলত এতিয়া কৃষক সকলে দিক-বিদিক হেৰুৱাই পেলাইছে। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে- এতিয়া কৃষকে কি কৰিব ? কেনেকৈ পৰিয়াল চম্ভালিব ? চাৰিটাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে কেইটামান চাউল-দালি দিয়েই দায়িত্ব সামৰিলে। এইবাৰ বানত অঞ্চলটোৰ পুখুৰীৰ মাছ, গৃহ আদি ক্ষতিগ্ৰস্ত হোৱাৰ পাছত প্ৰশাসনৰ তৰফৰ পৰা কেৱল তৈয়াৰ কৰিছে হিতাধিকাৰীৰ তালিকা।

সেয়ে এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে কামপুৰ ৰাজহ চক্ৰই প্ৰস্তুত কৰা তালিকা অনুসৰি ৰাইজে সাহাৰ্য্য পাবনে। বিগত ২০ বছৰত বৃহত্তৰ কচুৱা অঞ্চলত বান আৰু খৰাঙত ক্ষতিগ্ৰস্ত হোৱা কৃষকে আজি লৈকে ফুটাকৰি এটাও নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। বানৰ কৱলত পৰি সৰ্বশ্ৰান্ত হোৱা লোকসকলক চৰকাৰে মাটি খাজানা ৰেহাই দিয়া নাই। একেদৰে জিলাখনৰ কলিয়াবৰ, চামগুৰি, ধিং, নগাওঁ সদৰ আৰু ৰূপহী ৰাজহ চক্ৰৰ বানপীড়িত এলেকা সমূহৰ শ শ খেতিয়কৰো তামোল, পাণ, নেমু, কলগছ খেতিৰ ব্যাপক ক্ষতি সাধন হৈছে। জিলাখনৰ কৃষক সকলে ‘সবকা সাথ সবকা বিকাশ’ৰ শ্লোগান দিয়া বিজেপি চৰকাৰক বানপীড়িত কৃষক সকলৰ কল্যাণৰ হকে কিছু চিন্তা কৰিবলৈ আহ্বান জনাইছে।

You might also like