নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ জীৱবৈচিত্ৰ্যত চহকী অঞ্চলত শেহতীয়া কয়লা খনন আৰু তেল উদঘাটন সন্দৰ্ভত আৰণ্যকৰ দৃষ্টিভংগী

নিয়মীয়া বাৰ্তা, ২৪ মে’: দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলৰ কয়লাৰ মুক্ত খনন সংক্ৰান্তত বিভিন্ন সংবাদ মাধ্যমত গুৰুত্বসহ আলোচিত বিষয়টো সন্দৰ্ভত উত্তৰ-পূব ভাৰতৰ পৰিবেশ-জীৱবৈচিত্ৰ্য সংৰক্ষণৰ কামত নিয়োজিত অগ্ৰণী বেচৰকাৰী সংগঠন আৰণ্যকৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে।
বৰ্তমান বিধিগতভাৱে চলি থকা কয়লা খননৰ (open cast coal mining) লগত নিৰ্ভৰশীল লোকসকলক বিকল্প জীৱিকাৰ সুযোগ-সুবিধা প্ৰদান কৰি পৰ্যায়ক্ৰমে উজনি অসমৰ উন্মুক্ত কয়লা খনন বন্ধ কৰা উচিত বুলি আৰণ্যকে বিবেচনা কৰে। ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে কয়লাৰ নিষ্কাসনৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰাৰ পিছতো, জীৱবৈচিত্ৰ্যত সমৃদ্ধ অঞ্চলৰ ক্ষতিসাধন নোহোৱা পৰিৱেশ অনুকুল প্ৰযুক্তিৰ অনুসন্ধানত গুৰুত্ব দিবলৈ আৰণ্যকে ইয়াৰ ব্যৱহাৰকাৰী এজেন্সী আৰু খনন মন্ত্ৰণালয়ক (user agencies and Ministry of Mining) অনুৰোধ জনায়।

আনহাতে, আৰণ্যকে গভীৰ উদ্বেগ ব্যক্ত কৰি কয় যে কয়লা কম্পানীয়ে কয়লা নিষ্কাসনৰ বাবে লীজত লোৱা অৰণ্যভূমিৰ বাবদ বন বিভাগক ক্ষতিপূৰণ দিয়ে, আৰু সেই অৰ্থ CAMPA (Compensatory Afforestation Fund Management and Planning Authority)লৈ যায়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কয়লা খনিৰ চৌপাশে থকা জনসাধাৰণ কয়লা খননৰ ফলত যথেষ্ট স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো সেই স্থানীয় লোকসকলৰ বাবে কোনো স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা হোৱা নাই। সেয়েহে এই কয়লা খনিসমূহৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলৰ ৰাইজৰ উপযুক্তস্বাস্থ্য বীমাৰ দায়িত্ব চৰকাৰ আৰু ব্যৱহাৰকাৰী সংস্থাসমূহে ল’ব লাগে বুলি আৰণ্যকে দাবী কৰে।

আৰণ্যকে আৰু কয় যে বৰ্তমান চলি থকা কয়লা খননে স্থানীয় জনসাধাৰণৰ স্বাস্থ্য আৰু জীৱিকাৰ ওপৰত কিধৰণৰ প্ৰভাৱ পেলাইছে সেই লৈ পৰিবেশগত প্ৰভাৱৰ মূল্যায়নৰ (environmental impact assessment-EIA) সম্পৰ্কে অধ্যয়ন কৰিবলৈ দাবী জনায়। এই অধ্যয়নৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত নোহোৱা পৰ্যন্ত আৰু লগতে প্ৰয়োজনীয় প্ৰতিকাৰমূলক ব্যৱস্থা আৰম্ভ নকৰা পৰ্যন্ত কোনো নতুন মুক্ত কয়লাৰ খননৰ পৰা বিৰত থকাৰ বাবেও আৰণ্যকে আহ্বান জনায়।

ইয়াৰ উপৰি, আৰণ্যকে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) প্ৰস্তাৱিত ড্ৰীল সম্পৰ্কতো চিন্তা ব্যক্ত কৰিছে। OILৰ বিগত ১৯ মে’ ২০২০ প্ৰেছ টোকাৰ প্ৰসংগ উল্লেখ কৰি আৰণ্যকে কয় যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাটিৰ তলত হাইড্ৰ’কাৰ্বন ভাণ্ডাৰৰ অনুসন্ধানৰ কৰাৰ বাবে ‘Extended Reach Drill’ বা ERD নামৰ এক প্ৰযুক্তি ব্যৱহাৰৰ কথা উল্লেখ কৰিছে। OIL-এ দাবী কৰিছে যে ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমাৰ পৰা গড়ে 1.5 কিলোমিটাৰ নিলগত আৰু ভূ-পৃষ্ঠৰ পৰা 3.5-4 কিলোমিটাৰ গভীৰতালৈ ড্ৰিলিং কৰা হ’ব। এই প্ৰসংগত আৰণ্যকে কৰ্তৃপক্ষৰ পৰা নিম্নোক্ত বিষয়ত বিশদ ব্যাখ্যাৰ লগতে গ্ৰহণযোগ্য নথিগত প্ৰমাণ [documentary evidence) দাবী কৰিছে।

তেওঁলোকৰ দাবীসমূহ:

1. আমি জানিব বিচাৰো যে OIL-এ ইয়াৰ আগত অসমত ERD প্ৰযুক্তি ব্যৱহাৰ কৰিছে নেকি· যদি অইল কোম্পানীৰ দ্বাৰা এই প্ৰযুক্তি ব্যৱহাৰ কৰিছে, তাৰ গ্ৰহণযোগ্য নথিগত প্ৰমাণৰ লগতে ইয়াৰ লগত জড়িত পৰিৱেশ সম্বন্ধীয় অধ্যয়নৰ প্ৰতিবেদন ৰাইজক উপলব্ধ কৰিব লাগে বুলি আমি দাবী জনাওঁ।

2. আমি ERD প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে কৰিব বিচৰা ড্ৰিলিঙক লৈ চিন্তিত। আমি জনাত উজনি অসমৰ লেণ্ডস্কেপত এই প্ৰযুক্তিৰ পৰীক্ষণ কেতিয়াও হোৱা নাই আৰু ইয়াৰ ব্যৱহাৰে সেই অঞ্চলৰ স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। ২০১৮ চনৰ ডিচেম্বৰত ERM India Pvt. Ltdৰ দ্বাৰা প্ৰস্তুত কৰা EIA প্ৰতিবেদনত প্ৰদূষণ আৰু সম্ভাৱ্য শব্দ প্ৰদূষণৰ কথা উল্লেখ কৰিছে লগতে প্ৰাণীকুল বিশেষকৈ চৰাইক সেই ঠাইৰ পৰা আতঁৰাই পঠিয়াব পাৰে বুলি শংকা ব্যক্ত কৰিছে। যিহেতু এই ড্ৰIট্ট প্ৰতিবেদনৰ পৰা প্ৰস্তাৱিত প্ৰকল্প স্থানত ইয়াৰ বিভিন্ন দিশত সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে সুস্পষ্ট নহয়, আমি এই বিষয়ত এক উপযুক্ত অধ্যয়নৰ বাবে OILক দাবী জনাওঁ।

3. কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তালিকা -1ত উল্লেখ কৰা “ অইল ড্ৰিলিং আৰু গেছ নিষ্কাসন উদ্যোগৰ পৰা পৰিবেশ প্ৰদূষক নিষ্কাসন আৰু নিৰ্গমন মান” (Standards for Emission or Discharge of Environmental Pollutants from Oil Drilling and Gas Extraction Industry”) এই প্ৰকল্প স্থানত ৰক্ষা হ’বনে তাক লৈ আমি চিন্তিত। ড্ৰিলিঙৰ পৰা বৰ্জ প্ৰদূষকবোৰ ওচৰৰ পাৰিস্থিতিকভাৱে অতিকে গুৰুত্বপূৰ্ণ প্ৰাকৃতিক জলাশয়– যেনে মাগুৰি-মোটাপুং বিল আদিলৈ যোৱাৰ সম্ভাৱনাক লৈ আমি অতিকৈ চিন্তিত।

এইটো এটা গভীৰ উদ্বেগৰ বিষয় যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি-মোটাপুং বিল– এই গোটেই পৰিস্থিতিতন্ত্ৰ আৰ্দ্ৰভূমিক আলম লৈ গঢ় লৈ উঠিছে আৰু এই অঞ্চল বিশ্বৰ বহুকেইটা ভাবুকিগ্ৰস্ত প্ৰজাতিৰ বাবে বিখ্যাত। এই স্পৰ্শকাতৰ প্ৰজাতিৰ বহুতেই সামান্য প্ৰদূষণ বা হাই-উৰুমি (physical disturbance) সহ্য কৰিব নোৱাৰে। সেয়েহে যিকোনো প্ৰদূষক এই অঞ্চলত পেলোৱাৰ আগতে ইতিমধ্যে থকা প্ৰামাণিক মান বা নিৰ্দেশনাবোৰ পুনৰ মূল্যায়ন আৰু পৰ্যালোচনা কৰা উচিত।

You might also like