নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰক্ষীৰ জালত নিচাযুক্ত দ্ৰব্যসহ ড্ৰাগছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২২ জুন : আজি সন্ধিয়াৰ পিনে ধুবুৰী আৰক্ষীৰ এক ড্ৰাগচ বিৰোধী অভিযানত নিচাযুক্ত সামগ্ৰীসহ এজন ড্ৰাগচ সৰবৰাহকাৰী হাতেলোটে কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে আজি সন্ধিয়াৰ ফালে চহৰখনৰ ভোলানাথ মহাহিদ্যালয়ৰ সমীপৰ অঞ্চলত চলোৱা এক অভিযানত কেইবাটাও নিচাযুক্ত দ্ৰৱ্য থকা সৰু টেমাসহ এজন ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিছে। ধৃত ব্যক্তিজন চহৰখনৰ ৫নং ৱাৰ্ডৰ বাসিন্দা আব্দুল ৰশিদ শেখ বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like