নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীৰ ফাৰইষ্ট গেষ্ট হাউছত নৈশ আহাৰৰ বাবে মাতি পিষ্টল দেখুৱাই যুৱতীক ধর্ষণ

অভিযুক্ত লম্পট বিকাশ গগৈক গ্রেপ্তাৰ; চাৰি জাঁই সক্রিয় গুলীসহ পইণ্ট ৩২ পিষ্টল জব্দ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ  গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধর্ষণ–হত্যা–লুণ্ঠনৰ ঘটনা৷ কালি নিশা পুনৰ গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা গেষ্ট হাউছত সংঘটিত হয় এক ধর্ষণকাণ্ড৷ পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলি আহমেদ পথৰ ফাৰইষ্ট গেষ্ট হাউছত মূৰত পিষ্টল লগাই মৃত্যুৰ ভাবুকি দি বিকাশ গগৈ নামৰ এটা লম্পটে এগৰাকী যুৱতীক ধর্ষণ কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩৭৬ (১)/৩০৭ আৰু আর্মছ এক্টৰ ২৫ (১) (এ)/২৭ ধাৰাৰ অধীনত ১৫২৭/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি লম্পট বিকাশ গগৈক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পূর্বতে থকা চিনাকি সূত্রে অভিনয় জগতত সুযোগ দিম বুলি বিকাশ গগৈ নামৰ লম্পটটোৱে এগৰাকী অভিনেত্রীক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে কালি নিশা ফাৰইষ্ট গেষ্ট হাউছলৈ নৈশ আহাৰৰ বাবে যুৱতীগৰাকীক মাতিছিল৷ গেষ্ট হাউছটোৰ এটা কোঠাত মডেলগৰাকী, ভুক্তভোগী যুৱতীগৰাকী আৰু তিনি বন্ধুৰ সৈতে পার্টী কৰিছিল বিকাশ গগৈয়ে৷ নৈশ আহাৰ গ্রহণৰ পাছতে লম্পট বিকাশে ভুক্তভোগী যুৱতীগৰাকীৰ মূৰত পিষ্টল লগাই উপর্যুপৰি ধর্ষণ কৰিছিল৷ ভুক্তভোগী যুৱতীগৰাকীয়ে গেষ্ট হাউছৰ পৰা ওলাই আহি দিছপুৰ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে৷ দিছপুৰ আৰক্ষীয়ে অভিযুক্ত ধর্ষণকাৰী বিকাশ গগৈক গ্রেপ্তাৰ কৰে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে কালি নিশা গেষ্ট হাউছত পার্টী কৰা ভাস্কৰ শইকীয়া সোণোৱাল, ৰাজু গগৈ আৰু এনং ইৰিঙক আটক কৰি সোধা–পোছাৰ অন্তত এৰি দিয়ে৷

আৰক্ষীয়ে বিকাশ গগৈৰ পৰা চাৰি জাঁই সক্রিয় গুলীসহ এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰে৷ সম্প্রতি দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পৌৰসভা নির্বাচনত লখিমপুৰৰ ৫নং ৱার্ডৰ পৰা বিকাশ গগৈয়ে কংগ্রেছৰ হৈ নির্বাচন খেলিছিল৷ বিজেপি কর্মীক প্রহাৰ কৰাৰ অভিযোগত পূর্বতেও গ্রেপ্তাৰ হৈছিল লম্পট বিকাশ গগৈ৷

You might also like