নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস; তহিলং কৰিছে ধাননি পথাৰ-সৰিয়হ খেতি 

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।নিশাৰ ভাগত প্ৰবেশ কৰে ১৫/২০ জনীয়া বন্যহস্তীৰ হাতীৰ জাকে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা ঘিলাধাৰী নদী পাৰহৈ নিশাৰ ভাগত অহা বন্যহস্তীয়ে জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ পানপুৰ,বিষ্ণুপুৰ ,মালবস্তি,পুৰণিভেটি,হকমাকে ধৰি কেইবাখনো গাঁওত প্ৰবেশ কৰি পথাৰৰ সোণোৱালী ধান, সৰিয়হ খেতি খেচিগুলি তহিলং কৰিছে। নিশাৰ ভাগত প্ৰবেশ ঘটা বন্যহস্তীৰ আক্ৰমণৰ আশংকাত উজাগৰী নিশা পাৰ কৰিছে একাংশ গঁঞাই। নিশাৰ ভাগত উপদ্ৰৱ চলাই পুৱতি নিশা পুনৰ কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকালৈ আতৰি যায় বন্যহস্তীৰ জাক।বিগত ২০ দিনৰো অধিক ধৰি ধাৰাবাহিক ভাৱেই নিশাৰ ভাগত জনাঞ্চলত প্ৰবেশ কৰি আছে বন্যহস্তীৰ জাকে।ইফালে চতিয়াৰ দক্ষিণাঞ্চলৰ ভোজমাৰী,গড়পাল ,চন্দ্ৰআটি আদি স্থানত ষষ্ঠ সংযোজন এলেকাৰ পৰা অহা বনৰীয়া মহেও ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বন্যহস্তীৰ উপদ্ৰৱৰ কথা  বনবিভাগক অৱগত কৰোৱা হয় যদিও বনবিভাগে বিষয়টো এনেদৰে গুৰুত্ব দিব লাগে সেইধৰণে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বিগত সময়ত জামুগুৰিহাটৰ এই দক্ষিণ পশ্চিম প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক চিৰজীৱণৰ বাবে ধূণীয়া হৈছে।
 হিৰণ্য বৰা, জামুগুৰিহাট।
You might also like