নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৪তম বাৰ্ষিক জয়ন্তী পালন গজৰাজ আৰ্মী প্রি-প্ৰাইমেৰী স্কুলৰ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: নগাঁও জিলাৰ মিছা আৰ্মী কেম্পৰ অন্তৰ্গত গজৰাজ আৰ্মী প্রি-প্ৰাইমেৰী স্কুলৰ ৪৪ তম বাৰ্ষিক জয়ন্তীউৎসৱ আজি উদযাপন কৰা হয়। মিছা মিলিটাৰী ট্ৰেচনৰ গজৰাজ আৰ্মী প্রি-প্ৰাইমেৰী স্কুলে শিশুৰ বাবে অনুকূল প্ৰাকৃতিক পৰিবেশৰ মাজত উপযুক্ত আন্তঃগাঁথনিৰ সুবিধাৰ সৈতে শিশুক প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিছে। বিদ্যালয় খনৰ নাৰ্চাৰী, এল কেজি আৰু ইউ কেজিৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিবেশন কৰি অভিভাৱক আৰু অতিথিক অভিভূত কৰি তোলে। অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন শুৱনী কৰে মিছা কেম্পৰ এয়াৰ ডিফেন্স আৰু ষ্টেচন কামাণ্ডাৰ ব্ৰিগেডিয়াৰ আনন্দ কুমাৰে। ৪৪ তম বাৰ্ষিক জয়ন্তী উপলক্ষে বিদ্যালয় খনে ‘জংঘল চাফাৰী’ মূল বিষয়বস্তু হিচাপে লৈ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিষয় বস্তুক কেন্দ্ৰ কৰি সুন্দৰ মনোমোহা অনুষ্ঠান পৰিৱেশন কৰে। এই বিষয়বস্তু তেওঁ ছাত্র-ছাত্ৰীক ‘জ্ঞান, সাহস আৰু মমতা’ আদিপাঠ দিয়াৰ লগতে তেওঁৰ লোকৰ মাজত দক্ষ জীৱনৰ পাঠ শিকাবৰ বাবে বাচনি কৰা হৈছিল।

মুখ্য অতিথিয়ে প্ৰথমে দৰ্শকক উদ্দেশ্য কৰি নিজৰ ভাষণ প্ৰদান কৰিলে আৰু পৰৱৰ্তী সময়ত অভিভাৱক আৰু শিশুৰ লগত মত-বিনিময় কৰাৰ সময়ত শিশুৰ বাবে সৃষ্টিশীলতাৰ প্ৰয়োজনীয়তা যি জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ লগত ই তেওঁলোকক দেশৰ সু-নাগৰিক হোৱাটো বৰঙণি যোগোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

You might also like