নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্ৰীৰ পথাৰত শস্য চপোৱা উৎসৱ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: এপাৰ্টৰ উদ্যোগত আৰু আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ (আই আৰ আৰ আই)ৰ সহযোগত কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ উলানি পথাৰত আজি কামৰূপ মহানগৰ জিলা কৃষি বিভাগৰ দ্বাৰা শস্য চপোৱা উৎসৱ উদযাপন কৰা হয়। এম্প্ৰি অৰেঞ্জ এফ পি চিৰ সৌজন্যত শস্য চপোৱা উৎসৱৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ এপাৰ্টৰ নডেল বিষয়া বিমলা প্ৰসাদ দেউৰীৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি আই আৰ আৰ আইৰ বিষয়া ডঃ কোঁৱৰ সিং আৰু সুৰ্যকান্ত কাণ্ডাৰীয়ে কৃষকসকলে উপকৃত হ’ব পৰা বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। এপাৰ্টৰ নডেল বিষয়া বিমলা প্ৰসাদ দেউৰীয়ে কম্বাইন হাৰ্ভেষ্টাৰেৰে সমিল মিলে ধান কটা, চৰকাৰী আঁচনিৰ অধিক সা-সুবিধা গ্ৰহণত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়েও আকৌ এবাৰ কৃষক ৰাইজক অবগত কৰে। একেদৰে সোণাপুৰৰ স্থানীয় কৃষি উন্নয়ণ বিষয়া নিৰোদ নাথ আৰু এপাৰ্টৰ জিলা উদ্যান শস্য সমন্বয়ক মিতালী বৰদলৈও কৃষকসকলক চৰকাৰী বিভিন্ন আঁচনিৰ সা-সুবিধাৰ কথা প্ৰকাশ কৰি সেইবোৰ গ্ৰহণৰ আহ্বান জনায়। শেষত অত্যাধুনিক কম্বাইন হাৰ্ভেষ্টাৰেৰে ধান চপোৱা হয়।

You might also like