নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত কভিড আক্ৰান্ত প্ৰসূতিৰ সফলতাৰে সন্তান প্ৰসৱ

নিয়মীয়া বাৰ্তা, ৫ জুন:  সমগ্ৰ দেশতে ক’ৰনা অতিমাৰী ৰ প্ৰভাৱ ৷ নেতিবাচক খৱৰবোৰে সকলোৰে মন মগজুত ক্ৰিয়া কৰি থকাৰ মাজতে জোনাই মহকুমাৰ স্বাস্থ্যখণ্ডৰ এক ইতিবাচক খৱৰ ৷ এগৰাকী কভিড আক্ৰান্ত প্ৰসূতিৰ সুস্থ পুত্ৰ সন্তান প্ৰসৱ ৷ শুকুৰবাৰে জোনাই মহকুমাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীৰ কভিড আক্ৰান্ত প্ৰসূতিৰ সফলতাৰে সন্তান প্ৰসৱ ৷ পুৰনা জেলেমৰ উমেশ মৰাং ৰ পত্নী ক শুকুৰবাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসা লয়ত সন্তান প্ৰসৱ কৰিবলৈ লৈ অহা হৈছিল৷ মহিলা গৰাকীক প্ৰথমে কভিড পৰীক্ষা কৰোৱাৰ পিছত কভিড আক্ৰান্ত প্ৰমানিত হয়৷

সন্তান সম্ভৱা মহিলা গৰাকীক লৈ চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসা কৰ্মী সকল উদিগ্ন হৈ পৰিছিল ৷ কিন্ত ইয়াৰ মাজতে চিকিৎসা লয়ৰ জেষ্ঠ্য চিকিৎসক ডা° কিশোৰ কামান নেতৃত্বত ডা° এম এম আগৰৱালা, ষ্টাফ নাৰ্চ ৰিস্না দলে, জমুনা উপাধ্যায়, আৰু জয় কুমাৰ টায়েৰ সহযোগত প্ৰসূতি মাতৃ গৰাকীক সফল ভাৱে সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয় চিকিৎসা কৰ্মীৰ দলটোৱে ৷ বৰ্তমান জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত মাতৃ আৰু শিশুটি সুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব দিছে৷

You might also like