নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই মহকুমা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা যুৱ পৰিষদ দুখন পূৰ্ণাংগ সমিতি গঠন

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আজি জোনাই মহকুমা জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ আঞ্চলিক সমিতিৰ দুখনকৈ পূৰ্ণাংগ সমিতি গঠন কৰা হয়। জোনাই মহকুমা জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ আজি পুৰ্ণাংগ সমিতি গঠনৰ উদ্দেশ্য জোনাইস্থিত “হোম চুইট হোমত” এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়৷ ধেমাজিৰ উদীয়মান অধিভক্তা কৌশিক প্ৰতীম চুতীয়াই শুভাৰম্ভ কৰা সভাৰ সভাপতিত্ব কৰে সমাজসেৱক ৰাকেশ ছেত্ৰী আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলাৰ চাৰিখন আঞ্চলিকৰ উপদেষ্টা সঞ্জীৱ চুতীয়াই৷

ইয়াৰ পিছতে সভাত উপস্থিত সকলো বিষয় ববীয়াক মাস্ক বিতৰণৰ কৰি সম্বৰ্ধনা কাৰ্যসুচী গ্ৰহণ কৰে৷ আজিৰ পুৰ্ণাংগ সমিতি গঠন সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই উপস্থিত থাকি ভাষণ প্ৰংগত কয়- চলিত চৰকাৰে যি ধৰনে দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ লোকক শোষন কৰা কথাক তেওঁ গৰিহণা দিয়াৰ সমালোচনা কৰে তেওঁ পুনৰ কয় চৰকাৰৰ যি আকাশলঙ্গী মূল্য বৃদ্ধি হৈছে ইয়াৰ বিৰোদ্ধে অহা ১৩ আগষ্ট তাৰিখে চিলাপথাৰত মানৱ শৃংখল কাৰ্যসূচী দ্বাৰা চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰা হব বুলি মন্তব্য কৰে৷ লগতে জোনাই মহকুমা নতুন সমিতিক উদ্দেশ্য কৰি কয় জোনাই মহকুমাত যি ধৰণৰ সমস্যা আছে সেই সমস্যা সমূহ সমাধানৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসুচীৰ লোৱাৰ বাবে নিৰ্দেশ দিয়ে৷ আজিৰ সভাতেই সঞ্জীৱ চেতিয়াক উপদেষ্টা জয়কৰণ লহৰক সভাপতি কাৰ্যকৰী সভাপতি অবিৰাম সোনোৱাল সাধাৰণ সম্পাদক অশোক চহৰীয়া, উপ সভাপতি প্ৰফুল্ল তান্তীক আৰু সাংগঠনিক সম্পাদক জিতুল পেগুক লৈ ৩৩ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷

আজিৰ সভাতে জোনাই মহকুমা জাতীয়তাবাদী মহিলা পৰিষদৰ মহকুমা সমিতিখন গঠন কৰা হয় ৷ মঞ্জু লহৰক সভানেত্ৰী, লক্ষী কৰ্মকাৰক উপ সভানেত্ৰী, ভাৰতী কৰ্মকাৰক সধাৰণ সম্পাদিকা, ফুলমনি তান্তীক সহ সম্পাদিকা, নেইনা কৰ্মকাৰক শিক্ষা সম্পাদিকা, চুনেনা কৰ্মকাৰক প্ৰচাৰ সম্পাদিকা,চুনিতা তান্তীক সাংগঠনিক সম্পাদিকা পুতনা গৰ বৃত্ত সম্পাদিকা হিচাপে লৈ ৩৩ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়৷

You might also like