নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ চিগা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গৃহ উদ্ধোধন

নিয়মীয়া বাৰ্তা, ২ জুনঃ ধেমাজি জিলা পৰিষদৰ আৰ.জি.এছ এ আঁচনিৰ অধীনৰ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বিশ লাখ টকাৰ পূঁজিৰে নিৰ্মাণ কৰা চিগা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গৃহ উদ্ধোধন কৰে জোনাইৰ বিধায়ক ভূৱন পেগুয়ে। অনুষ্ঠানৰ উদ্ধোধন কৰি দিয়া ভাষনত বিধায়ক গৰাকীয়ে কয় সমষ্টিটোৰ অন্তৰ্গত পঞ্চায়তসমূহত দেখা দিয়া বিভিন্ন সমস্যাসমূহ অনাগত দিনসমূহত সমাধানৰ চেষ্টা কৰাৰ লগতে ইয়াৰ নৈ-উপনৈসমূহৰ বান- খহনীয়া সমস্যাসমূহকো বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জোনাইত প্ৰতিটো পঞ্চায়তৰ গ্ৰাম্য অঞ্চলসমূহত ক’ভিড-১৯ ৰ সজাগতা সৃষ্টি কৰিবলৈ মহকুমা প্রশাসন, চিকিৎসা বিভাগ, পঞ্চায়ত প্রতিনিধি, স্থানীয় জাতীয় সংগঠন সমূহলৈ আহ্বান জনায় জোনাই বিধায়ক ভূৱন পেগুয়ে। জোনাই সমষ্টিত নগৰ, সদৰতকৈ গ্ৰাম্য অঞ্চলত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই উদ্বিগ্ন প্ৰকাশ কৰে বিধায়ক ভূৱন পেগুৱে।

চিগা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ গৃহ উদ্ধোধন কার্যসূচীত উপস্থিত থাকে পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, মিচিং বাঃনে কেবাঙৰ সম্পাদক তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, মূৰ্কংচেলেক উন্নয়ন খণ্ড বিষয়া ঈশ্বৰ প্রসন্ন চুতীয়া, চিগা পঞ্চায়তৰ সভানেত্রী মুন্না দলে পাতিৰ, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মিগম দলে, জোনাই জিলা সমিতিৰ সম্পাদক বিধান মিলি আদিয়ে। আনহাতে বিধায়ক গৰাকীয়ে আজি গালী ঘাটত উপস্থিত হৈ লালী নদীৰ বান-খহনীয়া অঞ্চল পৰিদৰ্শন কৰি অহা তিনি বছৰৰ ভিতৰত জোনাই সমষ্টিক বানমুক্ত কৰাৰ লক্ষ্যৰে প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰি সমষ্টিটোৰ ৰাস্তা-ঘাট সমূহৰ নিৰ্মাণ কৰা, প্ৰাইমেৰী বিদ্যালয় সমূহৰ আন্তঃগাঁথনি, অসম চৰকাৰে বছৰত এক লাখ নিৱনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অনুসৰি জোনাই সমষ্টিৰ যুৱকৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ লগতে বেচৰকাৰীভাৱেও নিৱনুৱাক কৰ্মসংস্থাপনৰ যাৱতীয় কাৰ্য্যপন্থা গ্ৰহণ কৰিব বুলি কয়।

You might also like