নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত কনটেনমেন্ট জ’নৰ আৱাসিক সকললৈ চৰকাৰী ৰেচন

নিয়মীয়া বাৰ্তা, ২ জুন: ৰাজ্যজুৰি মহামাৰী ক’ৰণা ভাইৰাছে তীব্ৰ সন্ত্ৰাসে বহুতৰে জীৱন পৰ্যন্ত কাঢ়ি নিয়াৰ পাছত ভয়ত ত্ৰস্তমান সমগ্ৰ জনতা। ৰাজ্যৰ বিভিন্ন ঠাইত যদিও ক’ৰণা আক্ৰান্তৰ ক্ৰমান্বয়ে হ্ৰাস হ’বলৈ ধৰিছে, ইয়াৰ বিপৰীতে নগাঁও জিলাৰ ৰহাত ক’ৰণাই লৈছে ভয়ংকৰ ৰূপ। মূলতঃ একাংশ ক’ভিড নীতি উলংঘাকাৰীৰ বাবে একপ্ৰকাৰৰ গণসংক্ৰমণৰ কবলত পৰিছে ৰহা পৌৰসভাৰ লগতে পাৰ্শ্বৱৰ্তী এলেকা সমূহ।

তথ্য অনুসৰি ৰহা পৌৰসভাৰ লগতে দাঁতিকাষৰীয়া একাংশ ঠাইত ক’ভিডৰ গণসংক্ৰমণৰ বাবে বৰ্তমানলৈকে ন টাকৈ মিনি কনটেনমেন্ট জ’ন ঘোষণা কৰিছিল। তদুপৰি এনে গণ সংক্ৰমণৰ বাবে ৰহা পৌৰসভাৰ বজাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি এক জুনৰ পৰা চাৰি জুনলৈকে লক ডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে ৰহাৰ স্থানীয় প্ৰশাসন।

আজি ৰহা পৌৰসভা এলেকাত থকা কেইবাটাও কনটেনমেন্ট জ’নৰ অন্তৰ্গত আৱাসিক ঘৰলৈ চৰকাৰী সাহাৰ্য প্ৰদান কৰে । ৰহা ৰাজহ চক্ৰ বিষয়া ডাঃ প্ৰিয়ংকা বনিয়াৰ তত্বাৱধানত ৰহা টোপাকুছি আৰু গড়মাৰী ১৮৩টা আৱাসিক গৃহলৈ চৰকাৰী খাদ্য-সামগ্ৰী প্ৰদান কৰি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিব দিয়ামতে  চৰকাৰী নিয়ম অনুসৰি কনটেনমেন্ট জ’নৰ এলেকাধীন সমূহ লোকক পোন্ধৰ কেজি চাউল, পাঁচ কেজি আলু, দুই কেজি পিয়াঁজ, কণী এক পাট্টা, মিঠাতেল দুই লিটাৰ, মচুৰ ডাইল তিনি কেজি, চেনি, চাহপাত, বিস্কুট, মম, ধূপ, গাধোৱা -কাপোৰ ধোৱা চাবোন, মহ খেদা ধূপ সহ মুঠ পোন্ধৰ বিধ খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। লগতে বাকী থকা কনটেনমেন্ট জ’নৰ লোকসকলকো পৰ্যায় ক্ৰমে চৰকাৰী সাহাৰ্য বিতৰণৰ ব্যৱস্থা কৰিছে বুলিও জানিব দিয়ে।

You might also like