নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞানজ্যোতি গ্ৰন্থগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিন” উদযাপন

নিয়মীয়া বাৰ্তা , ১৬ জানুৱাৰী : মাজুলী তথা অসমৰ সমাজ জীৱনৰ এটা পৰিচিত অনুষ্ঠান জ্ঞানজ্যোতি গ্ৰন্থাগাৰ
মানৱ সম্পদ গঢ় দিয়াত সমগ্ৰ অসমবাসীৰ বাবেই এদিন এক আদৰ্শ অনুষ্ঠান হিচাপে গঢ় লৈ উঠিব। প্ৰতিষ্ঠা কালৰে পৰা জ্ঞানজ্যোতিৰ যুৱক-যুৱতী সকলে দেখুওৱা সমাজমুখী চিন্তাৰ নিদৰ্শন বৰ্তমানৰ এই ব্যক্তিকেন্দ্ৰিক সমাজ খনত এক বিৰল দৃষ্টান্ত। মাজুলীৰ জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পঞ্চম প্ৰতিষ্ঠা দিৱস “কিতাপৰ দিনৰ” মুকলি সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি “যুৱপ্ৰজন্মৰ সাধনাৰে উদ্ভাষিত আধুনিক অসমীয়াৰ জাতীয় সত্বা: ইতিহাস, বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ মুখ্য উপদেষ্টা, যোৰহাট মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° সৌমিত্ৰ পূজাৰীয়ে। নিজৰ বক্তব্যত ডঃ পূজাৰীয়ে জ্ঞানজ্যোতিৰ নেতৃত্বত গেৰেকী গাঁৱৰ যুৱক সকলে আৰম্ভ কৰা গ্ৰন্থ আন্দোলনৰ ভূয়সী প্ৰশংসা কৰে। মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বড়াই দ্বিতীয় জন সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি “ইতিবাচকতা, সৌন্দৰ্যবোধ আৰু ঘৰখন” শীৰ্ষক বক্তব্য প্ৰদান কৰি সমাজত মানৱ সৃষ্টিৰ আৰম্ভণি ঘৰ খনৰ পৰাই অভিভাৱক সকলৰ নেতৃত্বত হব লাগিব বুলি মন্তব্য প্ৰকাশ কৰি গেৰেকীৰ জ্ঞানজ্যোতি এদিন সমগ্ৰ অসমৰে এটা জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হব বুলি মত প্ৰকাশ কৰে। জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ বাকৰিত ১৫ আৰু ১৬ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত “কিতাপৰ দিনৰ” প্ৰথম দিনা শৈক্ষিক শোভাযাত্ৰা, প্ৰাচীৰ পত্ৰিকা উন্মোচন, কুইজ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় দিনা পুৱা ভাগত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ভাগত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক বিনোদচন্দ্ৰ বৰাৰ কথাৰে জয়ন্ত কুমাৰ নাথে সুৰ দিয়া জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ সংগীতটি শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ সম্পাদক জয়ন্তকুমাৰ গগৈয়ে। কল্পতৰো সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সমদল সংগীতেৰে আৰম্ভ হোৱা সভা খনত প্ৰথম বাৰৰ বাবে প্ৰকাশ কৰা হাতেলিখা আলোচনী “জ্ঞানজ্যোতি” উন্মোচন কৰে যুৱ লিখক কুশদ্বীপ হাটীমতাই। সভা খনিত জ্ঞানজ্যোতিৰ শ্ৰেষ্ঠ প্ৰতিযোগী, শ্ৰেষ্ঠ পঢ়ুৱৈ, বৰ্ষশ্ৰেষ্ঠ শিক্ষাৰ্থী ইত্যাদি বাৰ্ষিক বঁটা সমূহ প্ৰদান কৰা হয়। অনুষ্ঠানতে ৰাষ্ট্রীয় পৰ্য্যায়ৰ ক্ৰীড়াবিড প্ৰিয়ংকা হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। অধ্যাপক ডঃ জয়দীপ বৰাই আঁত ধৰা অনুষ্ঠানটোত কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। দুদিনীয়াকৈ আয়োজিত অনুষ্ঠানটোৰ সফল উদযাপনত সহায় কৰা জ্ঞানজ্যোতিৰ প্ৰতিজন শুভাকাংখীক জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ পৰিচালনা সমিতিৰ সম্পাদক ড° ভাস্কৰজ্যোতি বৰুৱাই আন্তৰিক ধন্যবাদ জনাইছে।

You might also like