নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত নতুনকৈ আক্ৰান্ত ২.৫৮ লাখ

দেশত ক’ভিড পৰিস্থিতি এতিয়াও শাম কটা নাই। দিনে দিনে বাঢ়িছে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে দেশত নতুনকৈ আক্ৰান্ত হৈছে ২.৫৮ লাখ লোক। অৱশ্যে, কালিৰ তুলনাত এই সংখ্যা ৫ শতাংশ কম। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮৫ জন লোকৰ। বৰ্তমানে ক’ভিড সক্ৰিয় হৈ আছে ৩.৭৩ কোটিৰ দেহত। দৈনিক আক্ৰান্তৰ হাৰ ১৬.২৮ শতাংশৰ পৰা বৃদ্ধি হৈ ১৯.৬৫ শতাংশ হৈছেগৈ। দেশৰ ভিতৰতে আটাইতকৈ বেছি আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।আনহাতে, অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা আজিৰ দিনটোত ৮,২০৯।

You might also like