নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশান্ত কিশোৰৰ ভৱিষ্যদ্বাণী

ৰাজনৈতিক ৰণকৌশল প্রস্তুতকাৰী হিচাপে ভাৰতবর্ষত প্রশান্ত কিশোৰৰ এটা প্রতিষ্ঠা আছে৷ ৰাজনৈতিক দলে তেওঁক সমীহ কৰিও চলে৷ পশ্চিমবংগ বিধানসভাৰ নির্বাচনত তেওঁৰ ৰণকৌশলে মমতা বেনার্জীক পুনৰ শাসনলৈ অনাত যথেষ্ট সহায় কৰিছে৷ বিজেপিক লৈ তেওঁ দাবী কৰা কথাবোৰো প্রায় আখৰে আখৰে ফলিয়াইছে৷ এইবাৰ প্রশান্ত কিশোৰে বিজেপিক লৈ কৰা ভৱিষ্যদ্বাণীয়ে ৰাজনৈতিক জগতখনত বিশেষভাৱে চর্চা লাভ কৰিছে৷ তেওঁ বিজেপি, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বিৰোধী পক্ষ বিশেষকৈ কংগ্রেছ আৰু ৰাহুল গান্ধীৰ মনস্তত্ত্ব বিশ্লেষণ কৰি ভাৰতীয় ৰাজনীতিৰ ভাবীকালৰ দিনৰ সন্ধান কৰিবলৈ যত্ন কৰিছে৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে প্রশান্ত কিশোৰে বিগত সময়ছোৱাত মূলতঃ বিজেপিবিৰোধী শিবিৰত থাকি ৰাজনৈতিক ৰণকৌশল প্রস্তুত কৰি আহিছে৷ কিন্তু তেওঁৰ শেহতীয়া বক্তব্যত বিজেপিৰ ‘অচ্ছে দিন’ৰহে প্রতিফলন ঘটিছে৷ প্রশান্ত কিশোৰে স্পষ্টকৈয়ে কৈছে যে সমাগত কেইবাটাও দশকৰ ৰাজনীতি বিজেপিৰ নিয়ন্ত্রণত থাকিব৷ দলটো হাৰক বা জিকক, ৰাষ্ট্রীয় ৰাজনীতিৰ কেন্দ্র হৈয়েই থাকিব৷ কংগ্রেছে দশক দশক ধৰি বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব৷ বিষয়টোলৈ যোৱাৰ পূর্বে ভাৰতৰ ৰাজনৈতিক প্রেক্ষাপটলৈ চালে দেখা যায়, স্বাধীনোত্তৰ কালত কেইবাদশক ধৰি কংগ্রেছ ভাৰতীয় ৰাজনীতিৰ কেন্দ্র হৈ আছিল৷ পূব–পশ্চিম, উত্তৰ–দক্ষিণ চৌদিশে দলটোৰ জয়জয় ময়ময় অৱস্থা আছিল৷ ৰাষ্ট্রীয় ৰাজনীতিত দশকৰ পিছত দশক ধৰি দলটো অপ্রতিৰোধ্য আছিল৷ ইয়াৰ মূল কাৰণ আছিল, দলটোৰ ভোটাৰৰ পৰিধিটো৷ আজি বিজেপিয়ে একেই অৱস্থা লাভ কৰিছে৷ প্রশান্ত কিশোৰৰ মতে, দেশৰ ৩০ শতাংশ ভোট লাভ কৰা দল এটা ইমান সহজে ৰাজনৈতিক প্রেক্ষাপটৰ পৰা আঁতৰি নাযায়৷ সমাগত কেইবাটাও দশকত বিজেপি ৰাষ্ট্রীয় ৰাজনীতিৰ কেন্দ্র হৈ থাকিব৷ ভাৰতত বিজেপিৰ সফল ৰাজনৈতিক যাত্রাটো লালকৃষ্ণ আদৱানিৰ ৰথযাত্রাৰ হাতত ধৰি আহিছিল৷ কিন্তু সি পৰিপূর্ণ অৱস্থা লাভ কৰা নাছিল৷ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত কেন্দ্রত চৰকাৰ গঠনৰ পিছতো দলটোৱে নির্বাচনত মুখথেকেচা খাবলগীয়া হৈছিল৷ পৰৱর্তী কালত দুটাকৈ লোকসভা নির্বাচনত বিজেপিয়ে বিৰোধীৰ আসনত বহিবলগীয়া হয়৷ দলটোৰ স্বর্ণ যুগ আৰম্ভ হয় নৰেন্দ্র মোদীৰ শাসনকালৰ পৰা৷ এই সময়ছোৱাত বিজেপিৰ সদস্যসংখ্যা ইমানেই বৃদ্ধি পায় যে দলটোৱে বিশ্বৰ সবাতোকৈ বৃহৎ ৰাজনৈতিক দলৰ মর্যাদা লাভ কৰে৷ একেৰাহে দ্বিতীয়বাৰ কেন্দ্রত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ সেয়াও অধিক সাফল্যৰে৷ প্রশান্ত কিশোৰে বিজেপিৰ এই জয়যাত্রাক নিজস্ব ধৰণে বিশ্লেষণ কৰিছে৷ তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অৰিহণাকো ইয়াৰ মাজলৈ টানি আনিছে৷ লগতে বিজেপি সন্দর্ভত বিৰোধী শিবিৰ বিশেষকৈ কংগ্রেছ আৰু দলটোৰ নেতৃত্বৰ ধ্যান–ধাৰণাকো বিশ্লেষণ কৰিছে৷
এইক্ষেত্রত প্রশান্ত কিশোৰে ৰাহুল গান্ধীয়ে অন্তৰত পুহি ৰখা ভ্রম এটাকো উজাগৰ কৰি দিছে৷ তেওঁ কয় যে ৰাহুল গান্ধী এটা ভ্রমৰ মাজত জীয়াই আছে৷ কংগ্রেছৰ প্রাক্তন সভাপতিগৰাকীয়ে ভাবে যে নৰেন্দ্র মোদী ক্ষমতাত থকালৈকে বিজেপি শক্তিশালী৷ তেওঁ ক্ষমতাৰ পৰা আঁতৰিলে বিজেপিৰো নাজল–নাথল অৱস্থা হ’ব৷ ৰাহুল গান্ধীৰ মতে, নৰেন্দ্র মোদী ক্ষমতাৰ পৰা আঁতৰাটো মাথোঁ সময়ৰ অপেক্ষা৷ তাৰ পিছত বিজেপি দিশহাৰা হৈ পৰিব৷ প্রশান্ত কিশোৰে ৰাহুল গান্ধীৰ ধাৰাবাহিক বিফলতাৰ এইটো প্রধান কাৰণ বুলি প্রকাৰান্তৰে ক’ব বিচাৰিছে৷ অকল কংগ্রেছ বা ৰাহুল গান্ধীয়েই নহয়, বিৰোধী শিবিৰৰো এই ভ্রমটোক ভাঙি দিব বিচাৰিছে প্রশান্ত কিশোৰে৷ তেওঁৰ কথাত স্পষ্ট হৈ পৰিছে যে বিৰোধী শিবিৰে মাথোঁ প্রতিষ্ঠানবিৰোধী ঢ়ৌ এটা আহিব বুলি অপেক্ষা কৰি আছে আৰু তেতিয়াই মোদী ক্ষমতাৰ পৰা বাহিৰ হৈ যাব৷ কিন্তু ধাৰণাটো ভ্রান্ত বুলি দাবী কৰি ৰাজনৈতিক ৰণকৌশল প্রস্তুতকর্তাজনে কয়, এইটো ভ্রমত নাথাকিব যে মোদীৰ ওপৰত জনসাধাৰণ অসন্তুষ্ট৷ জনগণে তেওঁক ক্ষমতাৰ পৰা আঁতৰাই পঠিয়াব৷ হয়তো মোদীক আঁতৰাবও পাৰে৷ কিন্তু বিজেপি আঁতৰি নাযায়৷ তেওঁ আৰু এষাৰ কথা কৈছে৷ পৰাজিত কৰিবলৈ হ’লে মোদীৰ শক্তিক বুজিব লাগিব৷ কিন্তু বিৰোধী পক্ষৰ বেছিভাগ লোকে তেওঁৰ জনপ্রিয়তাৰ কাৰণ আৰু শক্তিক বুজিবলৈ সময় ব্যয় নকৰে৷ আনহাতে, বিজেপিৰ সফলতাৰ আন এটা কাৰণ তেওঁ ব্যাখ্যা কৰিছে৷ ৰাষ্ট্রীয় স্তৰত বিজেপিক দেশৰ এক তৃতীয়াংশ লোকে ভোট দিয়ে৷ কিন্তু অৱশিষ্ট দুই তৃতীয়াংশ ভোটাৰ ১০–১৫টা ৰাজনৈতিক দলৰ মাজত বিভাজিত হৈ থাকে৷ প্রশান্ত কিশোৰৰ এই যুক্তিটোকে সাৰোগত কৰি শেহতীয়াকৈ বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাষ্ট্রীয় স্তৰত অভিযান এটা চলোৱাৰ চেষ্টা কৰি আছে৷ তেওঁৰ লক্ষ্য এটাই, বিৰোধীৰ ভোট যাতে বিভাজন নহয়৷ কিন্তু বহুধাবিভক্ত আৰু ভিন্ন ধৰণৰ অহংভাবেৰে চলি থকা বিৰোধী ৰাজনৈতিক দলৰ মাজত প্রকৃতার্থত একতা গঢ়ি তোলাটোত তেওঁ কিমান দূৰ সফল হয়, সেয়া সন্দেহৰ আৱর্তত৷ শক্তিহীন হ’লেও কংগ্রেছে প্রধানমন্ত্রী পদটো আনক এৰি নিদিব৷ জিকক বা হাৰক অধিকসংখ্যক আসন দাবী কৰি দলটোৱে বিৰোধী ঐক্যত আঘাত হানিব৷ তেনে বহু কাৰণ আছে, যিবোৰে বিৰোধী ঐক্য স্থাপনত বাধা দিব৷ যিয়েই নহওক, প্রশান্ত কিশোৰৰ যুক্তি আৰু বিশ্লেষণৰ পৰা এটা কথা স্পষ্ট হৈছে যে সমাগত বহু দশকলৈ ভাৰতৰ ৰাজনীতিত বিজেপিৰ দপদপনি অব্যাহত থাকিব৷ এইটো মোদীৰ পৰৱর্তী কাললৈ চলি থাকিব৷ বিজেপিৰ আচল শক্তিক যদি বিৰোধীয়ে সঠিকভাৱে মূল্যায়ন কৰি প্রয়োজনীয় ব্যৱস্থা হাতত নলয় বিৰোধীৰ বাবে দিল্লী দখলৰ স্বপ্ণ বহু দিনলৈ স্বপ্ণ হৈ ৰোৱাৰেই সম্ভাৱনা প্রবল৷

You might also like