নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ সদনত নতুন অভিলেখঃ ৰাজ্যসভাত প্ৰথমবাৰৰ বাবে মহিলা সাংসদ ৩২ গৰাকীলৈ বৃদ্ধি

বিশেষ বাৰ্তা, ১১ জুনঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ ৫৭খন আসনৰ নিৰ্বাচনৰ পিছত এতিয়া সংসদৰ উচ্চ সদনত মহিলা সদস্যৰ সংখ্যা হ’ব ৩২ গৰাকী। ইয়াৰ পূৰ্বে ২০১৪ চনত ৰাজ্যসভাত সৰ্বাধিক মহিলা সদস্য আছিল ৩১ গৰাকী। উচ্চ সদনৰ অৱসৰপ্ৰাপ্ত ৫৭ গৰাকী সদস্যৰ ভিতৰত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অম্বিকা ছোনীকে ধৰি ৫গৰাকী মহিলা প্ৰতিনিধি। এই দুগৰাকীৰ উপৰিও অৱসৰ লোৱা মহিলা সদস্য সকল হৈছে ছত্তীশগড়ৰ কংগ্ৰেছৰ ছায়া বাৰ্মা, মধ্যপ্ৰদেশৰ বিজেপিৰ সমতীয়া উইকে আৰু বিহাৰৰ পৰা ৰাষ্ট্ৰীয় জনতা দলৰ মিছা ভাৰতী। ইয়াৰ ভিতৰত নিৰ্মলা সীতাৰমণ আৰু মিছা ভাৰতীয়ে পুনৰ উচ্চ সদনলৈ ঘূৰি আহিছে। ৰাজ্যসভাৰ চৰকাৰী ৱেবছাইট অনুসৰি বৰ্তমান ৫ গৰাকী অৱসৰপ্ৰাপ্ত মহিলা সদস্যকে ধৰি ৰাজ্যসভাৰ মুঠ ২৩২ গৰাকী সদস্যৰ ভিতৰত মহিলাৰ সংখ্যা ২৭ গৰাকী। ইয়াৰে ১০ গৰাকী মহিলা প্ৰতিনিধি বিজেপিৰ। বৰ্তমান ৰাজ্যসভাত ৭ গৰাকী মনোনীত সদস্যকে ধৰি ১৩টা পদ খালী হৈ আছে। নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ যোৱা মহিলাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ সংগীতা যাদৱ আৰু দৰ্শনা সিং, ঝাৰখণ্ডৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী মহুয়া মাঞ্জী, ছত্তীশগড়ৰ পৰা ৰঞ্জিত ৰঞ্জন, ওড়িশাৰ পৰা বিজু জনতা দলৰ চুলতানা দেৱ, মধ্যপ্ৰদেশৰ পৰা বিজেপিৰ সুমিত্ৰা বাল্মিকী আৰু কবিতা পাটিদাৰ আৰু উত্তৰাখণ্ডৰ পৰা কল্পনা ছাইনী।

You might also like