নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত “অনুশীলন ১.০”ৰ সফল সমাপ্তি

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ সংস্থা (DURSA) ৰ উদ্যোগত  উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত শিক্ষকতাৰ বাবে যোগ্যতা নিৰূপণ পৰীক্ষাসমূহৰ সাধাৰণ প্ৰশ্নকাকত খনৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত যোৱা ১ জুনৰ পৰা ৯ জুনলৈ এক ৯ দিনীয়া প্ৰশিক্ষণ কৰ্মশালা “অনুশীলন ১.০”ৰ আয়োজন কৰা হয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰঃ জীতেন হাজৰিকা, বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন খণ্ডৰ শিক্ষাগুৰু প্ৰঃ দীপক চেতিয়া, ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ প্ৰঃ কুমুদ চন্দ্ৰ গোস্বামীদেৱৰ উপস্থিতিত ‘অনুশীলন ১.০’ ৰ শুভাৰম্ভণি হয়।ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ ৭ গৰাকী অভিজ্ঞ অধ্যাপক/অধ্যাপিকা ক্ৰমে ড০ কুকী কল্পিতা মহন্ত, আৰ্ছাদ হুছেইন, বিশাখা চেতিয়া, জ্যোতি শইকীয়া, দীক্ষীতা হাজৰিকা, ড০ নিপেন নায়ক, বৰষা কলিতাই শিক্ষাৰ্থী সকলৰ সৈতে কৰ্মশালাখনিত সাধাৰণ প্ৰশ্নকাকতখনৰ নানান বিষয়ৰ ওপৰত আলোচনা কৰে।

কৰ্মশালাখনিৰ সফল সমাপন বিশেষ সম্বৰ্ধনা কাৰ্যসূচীত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰঃ লীলাকান্ত নাথ, যুটীয়া শৈক্ষিক পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰা, বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন খণ্ডৰ শিক্ষাগুৰু প্ৰঃ দীপক চেতিয়া, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰাঞ্জল প্ৰতিম বুঢ়াগোঁহাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে। কেওগৰাকীয়ে DURSA ৰ এই প্ৰদক্ষেপৰ শলাগ লয়। ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সংস্থাৰ সভাপতি বিদ্যুৎজ্যোতি দত্তই “অনুশীলন ১.০” সফলতাৰ আঁৰৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জনাই এনে অনুশীলন ভৱিষ্যতেও আয়োজিত হ’ব বুলি জানিবলৈ দিয়ে। ১২০ গৰাকী প্ৰশিক্ষাৰ্থীৰে আয়োজিত কৰ্মাশালাখনিৰ সমল ব্যক্তিসকলক কৃতজ্ঞতা পত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ্থীসকলে জনোৱামতে কৰ্মাশাখনিয়ে তেওঁলোকৰ সাহস আৰু জ্ঞানৰ পৰিসৰ আৰু অধিক বঢ়াই তুলিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ সংস্থা ২০২২-২৩ ৰ এনে গঠনমুখী কাৰ্যক সকলোৱে একেমুখে শলাগিছে।  উল্লেখ্য যে বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা সভাখন অসমৰ জাতীয় সংগীতেৰে সমাপন কৰা হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like