নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেকাপাম গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আঁচনিৰ বাবে প্ৰস্তুত কৰা জিঅ’ টেক কামত ব্যাপক অনিয়ম; বঞ্চিত হিতাধিকাৰীৰে আৰক্ষী থানাত দিলে গোচৰ

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ দৰিদ্ৰ পৰিয়ালৰ বাবে পঞ্চায়তী ব্যৱস্থাৰ জৰিয়তে চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ বাবে জিঅ’ টেক পদ্ধতিৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ তালিকা প্ৰস্তুতত ব্যাপক অনিয়ম সংঘটিত হৈছে ডেকাপাম গাওঁ পঞ্চায়তত। ২০১৯ বৰ্ষত ডেকাপাম গাওঁ পঞ্চায়তৰ আঠ নং ৱাৰ্ডত জিঅ’ টেকৰ দায়িত্বত আছিল ৱাৰ্ডৰ সদস্য চৌমদন বড়ো আৰু ডেকাপাম গাওঁ পঞ্চায়তৰ কম্পিউটাৰ সহায়ক হেমাৱতী দলে পাতিৰ।

দায়িত্বপ্ৰাপ্ত দুয়ো গৰাকী ব্যক্তিয়ে ৱাৰ্ডৰ হিতাধিকাৰীৰ পৰা জিঅ’ টেক কৰোৱাৰ বাবদ দুশ টকাকৈ সংগ্ৰহ কৰা বুলি ডেকাপাম গাওঁ পঞ্চায়তত শেহতীয়াকৈ প্ৰকাশিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আঁচনিৰ নাম তালিকাত বাদ পৰা হিতাধিকাৰীৰে আজি চিমেন চাপৰি আৰক্ষী থানাত দিয়া এজাহাৰত উল্লেখ কৰে।

ডেকাপাম গাওঁ পঞ্চায়তৰ আঠ নং ৱাৰ্ডৰ অন্তৰ্গত ৩ নং মোহনপুৰ গাঁৱৰ উপেন মুছাহাৰী, দিব্যজ্যোতি স্বৰ্গীয়াৰী,নিমায় বসুমতাৰী, দলে বসুমতাৰী, পানবাই বসুমতাৰী, জয়ন্তী খেৰকটাৰী, ৰ’জে স্বৰ্গীয়াৰী,ফাগুণী মুছাহাৰীৰ স্বাক্ষৰিত এজাহাৰত ডেকাপাম গাওঁ পঞ্চায়তত প্ৰকাশ কৰা জিঅ’ টেকৰ দ্বাৰা প্ৰস্তত কৰি উলিওৱা হিতাধিকাৰীৰ তালিকাত চৰকাৰী কৰ্মচাৰীৰ লগতে একেটা পৰিয়ালৰে তিনি চাৰি গৰাকীকৈ নাম অন্তৰ্ভুক্ত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

You might also like