নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তোৰণ উন্মোচন

নিয়মীয়া বাৰ্তা, ৩১ মে’: যি সময়ত পুত্ৰ-বোৱাৰী-কন্যাৰ দ্বাৰা লাঞ্ছিত বঞ্চিত হৈ বহু বৃদ্ধ পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমত থাকিব লগীয়া ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে সেই সময়তে ঢকুৱাখনাৰ এটি পৰিয়ালে দেখুৱালে পিতৃ ভক্তিৰ সুন্দৰ নিদৰ্শন । ঢকুৱাখনা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰতিস্থাপক শিক্ষক প্ৰয়াত ৰামনাথ সন্দিকৈৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে তেঁওৰ দুই পুত্ৰ ক্ৰমে উত্তম সন্দিকৈ আৰু দুদুমণি সন্দিকৈয়ে বিদ্যালয়খনিত নিৰ্মাণ কৰি উলিওৱা তোৰণখন সোমবাৰে উন্মোচন কৰি পিতৃ ভক্তিৰ পৰিচয় দাঙি ধৰে । নৱনির্মিত তোৰণখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ভৰত ৰাজখোৱাই। এই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ অধ্যক্ষ দেৱ কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰামনাথ সন্দিকৈ স্মাৰক বক্তৃতা অনুষ্ঠান।সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিদ্যালয় সংগীত পৰিৱেশন কৰা হয়।বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী পুষ্প গগৈ,ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জিলা সম্পাদক পুতুল শইকীয়াই প্ৰয়াত ৰামনাথ সন্দিকৈৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে আলোকপাত কৰে।সভাত ৰামনাথ সন্দিকৈৰ দুই পুত্ৰ উত্তম সন্দিকৈ আৰু দুদুমণি সন্দিকৈকে ধৰি পৰিয়ালৰ কেইবাজনকো বিদ্যালয়খনৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।সভাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, মাতৃ গোট আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, ভালেসংখ্যক অভিভাৱক, আঞ্চলিক ভাষাৰ সভাপতি কৃষ্ণপদ গগৈ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।তোৰণখনি বিদ্যালয়লৈ প্ৰদান কৰাৰ বাবে দাতা পৰিয়াললৈ বিদ্যালয় কৰ্তৃপক্ষকে ধৰি অভিভাৱক তথা স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like