নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছটাকৈ সন্তানক কুঁৱাত দলিয়ালে মাকে, কিয়? শুনি আচৰিত হ’ব আপুনিও

বিশেষ বাৰ্তা, ৩১ মেঃ ঘৰুৱা হিংসাৰ পৰিণতি কি ভয়ংকৰ হ’ব পাৰে আপুনি জানেনে?এগৰাকী পাষাণ মাতৃৰ কাহিনী শুনি চকু কঁপালত উঠিব আপোনাৰো। ভয়ংকৰ ঘৰুৱা বিবাদৰ পিছত সোমবাৰে এগৰাকী মাতৃয়ে কুঁৱাত পেলাই দিয়ে নিজৰ ৫গৰাকী কন্যাসহ ৬টাকৈ সন্তানক। আৰু আটাইকেইটাৰে মৃত্যু হয়। এই ঘটনা মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মহাদ তালুকাৰ খাৰাৱলী গাঁৱত বিয়লিৰ ভাগত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্বামীৰ পৰিয়ালৰ লোকে মাৰপিট কৰাৰ পাছত ৩০ বছৰীয়া মহিলাগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। ইয়াৰ পৰা ভালকৈ অনুমান কৰিব পাৰি যে মহিলাগৰাকীয়ে কেনেকুৱা মানসিক স্থিতিলৈ গৈ এই ভয়ংকৰ কাম কৰিলে। মৃত্যু হোৱা শিশুকেইটাৰ বয়স ১৮ মাহৰ পৰা ১০ বছৰৰ ভিতৰত আছিল।

You might also like