নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ মাহ সন্দৰ্ভত সভা

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগিতাত আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ মাহ সন্দৰ্ভত এখনি সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ। সভাত আদৰণি ভাষণ আগবঢ়ায় তিনিচুকীয়া জিলা শিশু সুৰক্ষা বিষয়া ৰিজৱানা হাজৰিকাই। সভাত শিশু সুৰক্ষা বিষয়াগৰাকীয়ে দত্তক গ্ৰহণ সন্দৰ্ভত বিতংভাবে উল্লেখ কৰি সচিত্ৰও উপস্থাপন কৰে। বিশেষ দত্তক গ্ৰহণ সংস্থাৰ সঞ্চালক ইজৰাইল নন্দই বিশেষ দত্তক গ্ৰহণ সংস্থাৰ ওপৰত বিতংকৈ ব্যাখ্যা আগবঢ়ায়। লগতে উক্ত সংস্থাৰ দ্বাৰা শিশুৰ দত্তক গ্ৰহণৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ফৰহান উদ্দিন চৌধুৰীয়ে সংশোধনী শিশুৰ দত্তক গ্ৰহণ বিধি-২০২২ সন্দৰ্ভত বিতংভাবে ব্যাখ্যা আগবঢ়ায়। সচিবগৰাকীয়ে এটি শিশুৰ দত্তক গ্ৰহণৰ বাবে থকা নীতি-নিয়ম, আইনী প্ৰৱিধানসমূহৰ বিষয়েও বিতংকৈ বৰ্ণনা কৰে। সচিবগৰাকীয়ে এই ক্ষেত্ৰত জিলা দণ্ডাধীশৰ কৰ্তব্য আৰু দায়িত্ব সন্দৰ্ভতো ব্ক্তব্য আগবঢ়ায়। সভাত ইতিমধ্যে শিশুৰ দত্তক গ্ৰহণ কৰা দম্পতীৰ লগত শিশুৰ দত্তক গ্ৰহণৰ বাবে আকাংক্ষী দম্পতীৰ সৈতে মতবিনিময় কৰা হয়। জিলা উপায়ুক্ত নৰসিং পৱাৰে উপস্থিত সকলো শিশু দত্তক গ্ৰহণকাৰী দম্পতীক সম্ভাষণ জনোৱাৰ লগতে শিশুৰ দত্তক গ্ৰহণৰ বাবে আকাংক্ষী দম্পতীসকলক আইনী প্ৰক্ৰিয়াৰ মাজৰে শিশুৰ দত্তক গ্ৰহণৰ বাবে আহ্বান জনায়। ইয়াৰ লগতে সংশ্লিষ্ট সংস্থা তথা বিভাগক এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবেও আহ্বান জনায়। আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, শিশু উন্নয়ন সমিতি তিনিচুকীয়াৰ অধ্যক্ষ উত্তম দুৱৰা, সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, শিশু গৃহ তথা চাইল্ড লাইনৰ বিষয়ববীয়া তথা পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে ৷

প্ৰেৰক: বিবেক বড়া

You might also like