নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰতিস্থানৰ  দীক্ষান্ত সমাৰোহত  ৰামেশ্বৰ তেলী

অসমৰ ৪ টা শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ আশ্বাস* 

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : শিৱসাগৰৰ এসময়ৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰতিস্থান তথা বৰ্তমানৰ অসম এনাৰ্জি ইনষ্টিটিউটৰ পৰা আজি (Assam energy institute) দ্বিতীয় দীক্ষান্ত সমাৰোহৰ যোগেদি ডিগ্ৰীৰে সন্মানিত হ’ল একাধিক শিক্ষাৰ্থী ৷ দীক্ষান্ত সমাৰোহত কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা মুঠ ৭৩ গৰাকী শিক্ষাৰ্থীক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ স্বীকৃৰ্তি প্ৰদাণ কৰা হয় ৷ ২০১১ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী ডঃ মনোমোহন সিঙে নিজ হাতে আধাৰশীলা কৰা প্ৰতিস্থানটোৰ আজিৰ  এই সমাৰোহত কেন্দ্ৰীয়  প্ৰেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে। মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে অসম এনাৰ্জি ইনষ্টিটিউতে ভাৰতবৰ্ষৰ পেট্ৰলিয়াম খণ্ডত প্ৰয়োজন হোৱা মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলি নিজৰ ভাষণত প্ৰকাশ কৰে। লগতে তেওঁ অনাগত দিনত শৈক্ষিক প্ৰতিষ্ঠান খনত আসনৰ সংখ্যা বৃদ্ধি কৰা হব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী টেলীয়ে নিজৰ ভাষণত অসমৰ চাৰিটা তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰাল ভাৱে অসমত ৭ টা ইথানল প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই প্ৰকল্প সম্পূৰ্ণ হলে তেলত ২৫ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰা হব বুলি প্ৰকাশ কৰে। এই সমাৰোহতে প্ৰতিষ্ঠানটিৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা বিপ্লৱ নেৱাৰক ৰাষ্ট্ৰপতিৰ সোণৰ পদকৰ লগতে কেমিকেল ইঞ্জিনীয়াৰিঙ বিভাগত শীৰ্ষ স্থান লাভ কৰা বাবে এনাৰ্জি ইনষ্টিটিউটৰ সোণৰ পদক প্ৰদান কৰা হয়। আনহাতে মেকানিকেল আৰু পেট্ৰলিয়াম ইঞ্জিনীয়াৰিঙৰ দুই মেধাবী ময়ূৰী গগৈ আৰু সুদীপ্তকো শীৰ্ষ স্থান লাভ কৰাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানটিৰ তৰফৰ পৰা সোণৰ পদক প্ৰদান কৰা হয়। শৈক্ষিক প্ৰতিষ্ঠানটোৰ বৰ্ড অফ গভৰ্ণৰ ড° এছ শ্যাম সুন্দৰমৰ সঞ্চালনাত অনুষ্ঠিত সমাৰোহত ইনষ্টিটিউটৰ অধ্যক্ষ এছ কে সিন্হা,  অ’এন জি চি, অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়া সকলৰ লগতে শিক্ষা সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
You might also like