নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত মিছিংসকলৰ কৃষিভিত্তিক উৎসৱ “আলি-আঃয়ে-লৃগাং” পালন

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: অসমৰ বাৰেৰহণীয়া সংস্কৃতিত মুকুতা হৈ জিলিকি থকা অসমৰ অন্যতম জনগোষ্ঠী তথা ভূমিপুত্ৰ স্বৰূপ মিচিংসকলৰ কৃষিভিত্তিক পৱিত্ৰ উৎসৱ “আলি-আঃয়ে-লৃগাং” ।  কৃষিজীৱী মিচিং জনগোষ্ঠীৰ লোকসকলে খেতি পথাৰত খাদ্য-শস্য উৎপাদন কৰাৰ পাছতেই সৃষ্টি হৈছিল কৃষিভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’। ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে আলি-আয়ে-লৃগাং পতা হয়। সেই সিদ্ধান্ত মৰ্মে ১৯৫৬ চনৰপৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে মিচিংসকলে। আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে তিনিচুকীয়াটো অতি উলহমালহেৰে বৰদলৈ নগৰত পালন কৰিছে মিছিং জনগোষ্ঠীৰ লোকসকলে আলি-আয়ে-লৃগাংং ৷ নিজৰ নিজৰ কৰ্মসূত্ৰে ব্যস্ত থকাৰ পাছতো আজিৰ দিনটোত সকলোৱে উলাই আহি একগোট হৈ পৰম্পৰাগতভাৱে ধৰি ৰাখিবলৈ চেষ্টা কৰাৰ লগতে একেলগে পালন কৰিছে আলি-আয়ে-লৃগাং ৷ আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মানে মূল বা কাণ্ড, ‘আ:য়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন। মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি। ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় এই দিনটোত৷ গুমৰাগৰ ছন্দ, ঐনিতমৰ মধুৰ সুৰৰ মূৰ্চ্ছনাত  মুখৰিত এই কৃষিভিত্তিক উৎসৱে আমাৰ সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি সকলোৰে জীৱনলৈ অনাবিল সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িযাই আনক তাকে কামনা কৰি সকলোলৈ আলি-আয়ে-লৃগাঙৰ উদযাপন সমিতিৰ সভাপতি মঞ্জিত ডলেৰ লগতে জ্যেষ্ঠ ব্যক্তি ৰাজীপ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰে ৷

প্ৰেৰক:-বিবেক বড়া

You might also like