নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী দীপক শৰ্মাৰ চিকিৎসা সাহায্যৰ বাবে ওলাই আহিছে নলবাৰীৰ শিল্পী-কবি সমাজ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী: আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাৰ চিকিৎসাৰ সাহাৰ্য্য বিচাৰি নলবাৰী আৰু বাকচা জিলাৰ শিল্পী আৰু কবি সমাজ ওলাই আহিছে । জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ পৰিচালনাত শিল্পী , সাহিত্যসেৱী আৰু কবি সমাজে নলবাৰী চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু মহানুভৱ ব্যক্তিসকলৰ ওচৰ চাপিছে । ইতিমধ্যে ৰাইজ, শুভাকাংক্ষী তথা সচেতন ব্যক্তিসকলৰ পৰা বিপুল সঁ‌হাৰি লাভ কৰা দেখা গৈছে । আজি বাকচা জিলাৰ ধমধমাত শিল্পী আৰু কবি সমাজে সাহাৰ্য্য বিচাৰি গীত আৰু কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে । সচেতন ৰাইজে এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like