নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বিৰুদ্ধেও ৰুজু হ’ব পাৰে গণধর্ষণৰ গোচৰ

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: অকল পুৰুষ নহয়, প্রয়োজনত মহিলাৰ বিৰুদ্ধেও গণধর্ষণৰ গোচৰ ৰুজু কৰিব পৰা যাব৷ আজি এই কথা ঘোষণা কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ ১৮৬০ৰ ভাৰতীয় দণ্ডবিধিৰ ২০১৩ চনত সংশোধিত ১৩ নম্বৰ আইন পর্যবেক্ষণ কৰি এই কথা ঘোষণা কৰিছে ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ এজনীয়া বিচাৰপীঠে৷ ন্যায়াধীশগৰাকীয়ে নিজৰ পর্যবেক্ষণত উল্লেখ কৰে যে কোনো মহিলাই ধর্ষণ কৰিব নোৱাৰে৷ কিন্তু তেওঁ যদি এদল লোকৰ সৈতে মিলিত হৈ ধর্ষণত সহায় কৰে, তেন্তে তেনে মহিলাৰ বিৰুদ্ধেও গণধর্ষণৰ গোচৰ ৰুজু হ’ব পাৰে৷ ২০১৩ চনত সংশোধিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ আৰু ৩৭৬(ই)ৰ নতুন ব্যাখ্যা দিবলৈ গৈ এই কথা ঘোষণা কৰিলে ন্যায়াধীশগৰাকীয়ে৷

You might also like