নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অঘটন। বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৱাসত আজি এগৰাকী চিভিল ইঞ্জিনীয়াৰিং ৰ ছাত্ৰই আত্মহনন কৰা ঘটনাই বিশ্ববিদ্যালয়ত  চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ পাটকাই ছাত্ৰাৱাসৰ ছাত্ৰ আদিত্য তাতিয়ে আজি দিনৰ সময়চোৱাত চিপ লৈ আত্মহত্যা কৰে। ডিব্ৰুগড় চাবুৱাৰ তাতি কি পৰিস্থিতিত আত্মহননৰ পথ বাচি ললে সেয়া জানিব পৰা হোৱা নাই। ইফালে এই সন্দৰ্ভত বৰঘাট আৰক্ষীক অৱগত কৰাত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দণ্ডাধীশ তথা তেজপুৰ ৰাজহচক্ৰ বিষয়া পংকজ বৰাই সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত কয়- ছাত্ৰজন চিভিল ইঞ্জিনীয়াৰিংৰ চতুৰ্থ ষান্মাসিকৰ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ আছিল। আৰু তেওঁ আজি দিনৰ ভাগত আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে।
You might also like