নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং জিলাত পুনৰ ২৬জন ক’ভিডত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ জিলা স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰৰ দিনটোত জিলাখনত পুণৰ ২৬ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি । ইয়াৰে ভিতৰত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দুজন স্বাস্থ্যকৰ্মী স্বাস্থ্যকৰ্মী আৰু দুজন আৰক্ষীৰ লোক হোৱাৰ বিপৰীতে বাকীসকল কন্টেইনমেন্ট জ’ন বা ক’ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তি । এই লোককেইজনক ধৰি জিলা খনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা হ’ল ৫৭০ জন । শুকুৰবাৰ পৰ্যন্ত সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ৩৬৭ জন লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে চিকিৎসাধীন হৈ আছে ১৭৬ জন লোক।

You might also like