নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোলাবৰিৰ পশু স্বাস্থ্য উপকেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা; উপযুক্ত সেৱাৰ পৰা বঞ্চিত ৰাইজ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ  অসম চৰকাৰৰ পশুপালন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ বাবে মৰিশালিলৈ ৰূপান্তৰিত হৈছে এখন পশু স্বাস্থ্য উপকেন্দ্ৰ। লখিমপুৰ জিলাৰ পিছপৰা অঞ্চলটোৰ  বাবে অতিকৈ প্ৰয়োজনীয় এইখন চিকিৎসালয়ৰ অভাৱে বৃহত্তৰ এটা অঞ্চলৰ ৰাইজৰ সীমাহীন মূল্য ভৰিব লগাত পেলাইছে।দেখাত মৰিশালিৰ ৰূপ লোৱা এইখন হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰি গাঁও পঞ্চায়তৰ এটা পশু স্বাস্থ্য উপকেন্দ্ৰ। উৱলি যোৱা জৰাজীৰ্ণ গৃহটিৰ মাজত এজন কৰ্মচাৰী মাহৰ পিছত মাহ ধৰি আহি আছে যদিও পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ কিঞ্চিতো হিত সাধিব পৰা নাই। প্ৰয়োজনীয় গৃহৰ অভাৱ, চিকিৎসা সঁজুলিৰ অভাৱৰ মাজত কোনোমতে চৰকাৰী কৰ্মচাৰী জনক দৰমহা দিয়া হে হৈছে বিভাগটোৰ। কিন্তু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বানে গৰকা লখিমপুৰ জিলাৰ বাবে বাৰিষা পশু চিকিৎসা কৰাটো অত্যন্ত জৰুৰী যদিও সেয়া সম্ভৱ নহয়। এটা পশু চিকিৎসা উপকেন্দ্ৰৰ দুৰবস্থাৰ বাবে ৰাইজৰ হ’ব পৰা সমস্যাক লৈ অলপো ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ। এনেদৰেই পশুপালন বিভাগে উন্নয়ন সাধিছে ৰাজ্যত। ৰাইজ মৰক কিম্বা তৰক তালৈ কানসাৰ নাই বিভাগটোৰ। পশু চিকিৎসা উপকেন্দ্ৰটোৰ নামত থকা মাটিখিনিও চাৰিবেৰৰ অভাৱত হাবি জংঘলেৰে বৰ্তমান পৰিপূৰ্ণ। বৰষুণ দিলে ঘৰটোত থাকিব নোৱাৰি কাৰণ ওপৰৰ টিং পাত ভাঙিল, মুধছত গছ গজি সাপৰ বাঁহ হ’ল। গৰু গোহালি সদৃশ ঘৰটোত চিকিৎসাৰ সা সজুলি ৰখাৰো ঠাই নাই। কৰ্মচাৰী গৰাকীয়ে কোনো মতে আহি কিছুসময় কাৰ্যালয়টোত বহে যদিও ম’হ, দাহৰ কামোৰত অধিক সময় পাৰ কৰিব নোৱাৰে কাৰ্যালয়ত। এইয়াই হৈছে ৰাজ্য পশুপালন বিভাগৰ কাৰ্যালয়ৰ ৰূপ।
You might also like