নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশন

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ:- শুক্ৰবাৰৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত তিনিদিনীয়াকৈ আয়োজন কৰা তিনিচুকীয়া সাংবাদিক চ’ৰাৰ আতিথ্যত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ত্ৰয়োবিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিনা পুৱা ৪৮ খন পতাকা উত্তোলন, শ্বহীদ তৰ্পনেৰে আৰম্ভ হয়  ৷  তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মূল পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই লগতে আন ৪৭ খন পতাকা উত্তোলন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক লীলাম্বৰ দহোতীয়া, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সঞ্চালক ডা° মৃদুল গগৈ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱা, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণৰ লগতে তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব, গণ্যমান্য ব্যক্তি, সমাজকৰ্মী, জ্যেষ্ঠ সংবাদকৰ্মীসকলে ৷ দ্বিতীয় কায্যসূচী শ্বহীদ তৰ্পন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে ৷ তাৰ পাছতে তিনিচুকীয়াৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠন, গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অভ্যৰ্থনা সমিতিৰ সভাপতি ধনদেৱ মহন্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সভাখনত তিনিচুকীয়াৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচক হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ সমাজকৰ্মী প্ৰকাশ বেদ আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড° অপূৰ্ব ভাস্কৰ গগৈ ৷ পৰৱৰ্তী সময়ত আবেলিৰ পৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভা আৰু বিষয়বাচনী সভাখন অনুষ্ঠিত হয় ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতাই সভাপতিত্ব কৰা প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সভাপতি তথা চেবাৰ প্ৰাক্তন অধ্যক্ষ ধনদেৱ মহন্তই ৷ উক্ত সভাখনতে আগন্তুক দুটা বৰ্ষৰ কাৰণে এখন নতুন কমিটি গঠন কৰাৰ লগতে সংবাদকৰ্মীসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ প্ৰতিনিধি সভাখনত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে উপস্থিত থাকি প্ৰতিনিধি সভাখন উদ্বোধন কৰে আৰু সংবাদকৰ্মীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ৷
শেষৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পলৈ এটা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব ৷ তাৰ পাছতে বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও বিশেষ ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত কৰা হ’ব আৰু শেষৰ কায্যসূচী হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, নীলাক্ষী নেওঁগ আৰু ৰাজীৱ শদিয়াৰ সংগীতানুষ্ঠান আয়োজন কৰা হ’ব ৷ গতিকে প্ৰতিটো কায্যসূচীতে সমূহ তিনিচুকীয়াবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে জিলা সাংবাদিক সন্থা তথা, সাংবাদিক চ’ৰাৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷

প্ৰেৰক:-বিবেক বড়া

You might also like