নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্যবেক্ষণ সমিতি (দিশা)ৰ ২০২১ চনৰ ত্ৰৈমাসিক বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আজি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ সভাপতিত্বত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্যবেক্ষণ সমিতি (দিশা)ৰ ২০২১ চনৰ ত্ৰৈমাসিক বৈঠকখন অনুষ্ঠিত হয় । এই সভাত মহাত্মা গান্ধী এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, জলজীৱন মিচন, স্বচ্ছ ভাৰতকে আদি কৰি বিভিন্ন বিভাগৰ অন্তৰ্গত চৰকাৰৰ উন্নয়নমূলক আঁচনি সমূহৰ জিলাখনত ৰূপায়ণ আৰু অগ্ৰগতিৰ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় ।

আজিৰ এই সভাত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জিলা উপায়ুক্ত নিসৰ্গ হিৱৰে, আই. এ. এছ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদৰ সভাপতিকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

You might also like