নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰী অপহৰণকাৰীক জেললৈঃ মূল অভিযুক্ত পলাতক

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: ডিব্ৰুগড়ৰ দুলীয়াজানৰ আগৰৱালা উপাধিৰ এগৰাকী নাবালিকাক প্ৰলোভিত কৰি অপহৰণ কৰা কাণ্ডই চাঞ্চল্যৰ স্বৃষ্টি কৰাৰ পাছত আৰক্ষীয়ে যৌথ অভিযান চলাই কিশোৰী গৰাকীক বঙাইগাঁওৰ এক চৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে ঘটনাৰ সৈতে জৰিত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈকো সক্ষম হয়।উক্ত দুলীয়াজানৰ কিশোৰী অপহৰণ গোচৰৰ অভিযুক্ত বদিউল জামাল,বাবু আলি আৰু মঃ আব্দুল জলিলক আজি ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।আদালতে দুলীয়াজান আৰক্ষী থানাৰ গোচৰ নং ১/২০২৩ৰ সৈতে ৩৬৬ আইপিচিৰ পূৰ্বৰ ধাৰাটোৰ লগতে প’চিএছঅ’ আইনৰ ১২০-বি/৩৭৬ আইপিচি এণ্ড আৰ/ডব্লিউ ৪ ধাৰা যোগ কৰাৰ আৰক্ষীয়ে কৰা আবেদন গ্ৰহণ কৰে।ইয়াৰ পিছতে গোচৰটো বিশেষ ন্যায়াধীশ আদালতলৈ প্ৰেৰণ কৰা হয়।বিশেষ ন্যায়াধীশ আদালতে দুয়োজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ন্যায়িক জিম্মাতে আৰক্ষীক দুদিনৰ জেৰাৰ বাবে অনুমতি দিয়ে আদালতে। আনহাতেদি এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত বিবাহিত জাহিদুল আলী।জাহিদুলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে যদিও এই পৰ্যন্ত,সফল হব পৰা নাই।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like