নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত লাঠী লৈ ৰোগীক পৰীক্ষা চিকিৎসকৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  দুদিন পূর্বে হোজাই জিলাৰ লংকা উদালীৰ ফুলতলীস্থিত আদর্শ চিকিৎসালয়ত একাংশ উন্মত্ত লোকে কর্মৰত চিকিৎসকক ববর্ৰোচিতভাৱে আক্রমণৰ ঘটনাৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্রতিক্রিয়া আজিও মাৰ যোৱা নাই৷ চিকিৎসালয়খনত সেৱা আগবঢ়াই থকা ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত চলোৱা এই অমানৱীয় শাৰীৰিক নির্যাতনৰ প্রতিবাদত কালি নিশা নগাঁৱৰ আন এগৰাকী চিকিৎসকে এক অভিনৱ তথা প্রতীকী ৰূপত প্রতিবাদ কৰাটোৱে ব্যাপক চর্চা লাভ কৰিছে৷

নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ডাঃ দিগন্ত বৰা নামৰ চিকিৎসকগৰাকীয়ে কালি চিকিৎসালয়খনত নিজৰ কর্তব্য পালনৰ সময়ত হাতত এডাল দীঘল লাঠী লৈ থকাটোৱে বিশেষ চর্চা লাভ কৰিছে৷ চিকিৎসালয়খনত কালি চার্জাৰী বিভাগৰ দায়িত্বত থকা ডাঃ দিগন্ত বৰাই হাতত লাঠীডাল লৈ ৰোগীসকলক চিকিৎসা সেৱা প্রদান কৰাৰ লগতে ৰোগীক নিদান পত্র লিখি দিয়ে৷ চিকিৎসকগৰাকীৰ এই কর্মকাণ্ডত সকলো স্তম্ভিত হৈ পৰে আৰু সর্বত্র চর্চা লাভ কৰে৷

চিকিৎসকগৰাকীক এই সন্দর্ভত প্রতিক্রিয়া বিচৰাত তেওঁ কয়– এয়া মোৰ প্রতীকী ৰূপত কৰা এক প্রতিবাদ মাত্র৷ মই আজিলৈকে একো এটা প্রাণীকে হত্যা কৰি পোৱা নাই৷ আনকি মোৰ গাৰ ওচৰত থকা এডাল বিছা মই মাৰি পোৱা নাই৷ কিন্তু দুদিন পূর্বে লংকাৰ চিকিৎসালয়ত হোৱা ঘটনাই মোক বৰ মর্মাহত কৰিছে৷ ভগৱানৰ পাছতে মানুহে মনত স্থান দিয়া চিকিৎসকক ইমান নির্মমভাৱে আক্রমণ কৰাৰ প্রতিবাদত মই এই প্রতীকী ৰূপত প্রতিবাদ কৰিলোঁ৷

ডাঃ দিগন্ত বৰাই আৰু কয়– এইক্ষেত্রত মোক কোনেও উৎসাহ যোগোৱা নাই বা কোনো ব্যক্তিয়ে প্রৰোচিত কৰা নাই৷ মই কেৱল উক্ত ঘটনা যাতে পৰৱর্তী সময়ত সংঘটিত নহয় তাৰবাবে জনসচেতনতাৰ বাবে এইদৰে প্রতিবাদ কৰিছোঁ৷

You might also like